ডিব্ৰুগড়ত আৰক্ষী কনিষ্টবলক খুন্দা নৈশ বাছৰঃ চালকৰ পলায়ন

Bus hits police constable

ডিব্ৰুগড়ত নৈশ বাছে মহতীয়ালে এজন আৰক্ষী কনিষ্টবলক। আৰক্ষী কনিষ্টবলজনক মহতীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে বাছৰ চালকজনে।

যোৱা নিশা সংঘটিত খোৱাং চাৰিআলিৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা। এই দুৰ্ঘটনাৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে ৩৭ জন যাত্ৰী।

বাছৰ খুন্দাত আহত আৰক্ষী কনিষ্টবলজনক চন্দ্ৰ কমল আহোম বুলি চিনাক্ত কৰা হৈছে। মটৰ চাইকেলেৰে ঘৰলৈ গৈ অৱস্থাত বাছখনে খুন্দা মাৰে কনিষ্টবলজনক।

বাছৰ খুন্দাত আঘাতপ্ৰাপ্ত চন্দ্ৰ কমল আহোমক লগে লগে মৰাণ চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়। আহত চন্দ্ৰ কমল আহোম মৰাণহাট থানাৰ যান-বাহন শাখাৰ জোৱান হিচাপে কৰ্মৰত আছিল।

ইফালে দুৰ্ঘটনাৰ পিছতে বাছ চালকজনে পলায়ন কৰে। অৱশ্যে মৰাণ আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা AS01MC0907 পঞ্জীয়ন নম্বৰৰ বাছখন।

এনে অৱস্থাত নিশা ১০ বজাৰ পৰা পুৱতিনিশা ২ বজালৈ যাত্ৰী সকল থানাত আবদ্ধ হৈ থাকিবলগা হয়।

পিছত আৰক্ষীয়ে তেওঁলোকক নিৰাপদে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ বাবে বিকল্প বাছৰ ব্যৱস্থা কৰে। আনহাতে যাত্ৰীসকলে চালকজনক মদ্যপান কৰি থকাৰ সন্দেহ প্ৰকাশ কৰে।

ইফালে একাংশ প্ৰত্যক্ষদৰ্শীয়ে কৰা অভিযোগ মতে বাছখনে অসাৱধানতাৰে অভাৰটেকিং কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।