বিজেপিৰ সংগ এৰিলে আৰু এটা দলে; ক্ৰমাৎ হ্ৰাস পাইছে এনডিএৰ শক্তি!

IMG_20210218_122026

গোৱা ফৰ’ৱাৰ্ড পাৰ্টিৰ নেতা বিজয় সৰদেশাই।

ৰাজ্যখনৰ সাধাৰণ নাগৰিকৰ বাবে কোন কাম কৰা নাই বিজেপিয়ে। এই অভিযোগ তুলি মঙলবাৰে এনডিএৰ পৰা আঁতৰিল গোৱা ফৰ’ৱাৰ্ড পাৰ্টিয়ে।

গোৱা ফৰ’ৱাৰ্ড পাৰ্টিৰ নেতা বিজয় সৰদেশাইয়ে সদৰী কৰে যে তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পত্ৰ দি এনডিএৰ পৰা আঁতৰি অহাৰ কথা জনাইছে।

তেওঁ দাবী কৰে যে ২০১৯চনৰ জুলাই মাহৰ পৰা তেওঁলোকৰ সৈতে এনডিএৰ সম্পৰ্ক বাস্তৱিকতে সমাপ্ত হৈছিল।

ৰাজনৈতিক পৰ্যবেক্ষকসকলে দাবী কৰা মতে গোৱা ফৰ’ৱাৰ্ড পাৰ্টিয়ে এনডিএ এৰিলেও ৰাজ্যৰ ক্ষমতা ধৰি ৰখাত কোনো প্ৰভাৱ নেপেলায়। ৪০খন আসনযুক্ত গোৱা বিধানসভাত প্ৰমোদ সাৱন্তৰ এনডিএৰ চৰকাৰ এনেয়েও সংখ্যাগৰিষ্ঠ।

২০১৭চনৰ বিধানসভাৰ নিৰ্বাচনত গোৱা ফৰ’ৱাৰ্ড পাৰ্টিয়ে এনডিএক সমৰ্থন কৰিছিল। তেওঁকে ৩খন আসনত জয়লাভ কৰিছিল। কিন্তু ২০১৯ত মনোহৰ পাৰিকৰৰ মৃত্যুৰ পাছত প্ৰমোদ সাৱন্তৰ মন্ত্ৰীসভাৰ পৰা তেওঁলোকৰ বিধায়ক তিনিজনক বাদ দিয়া হয়।

ইয়াৰ পাছতেই সংঘাত আৰম্ভ হয় আৰু অৱশেষত মঙলবাৰে গোৱা ফৰ’ৱাৰ্ড পাৰ্টিয়ে এনডিএ ত্যাগ কৰাৰ সিদ্ধান্ত লয়।

অহা বছৰ গোৱাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। পৰ্যবেক্ষকসকলৰ মতে নিৰ্বাচনৰ পূৰ্বে এনডিএৰ শক্তি হ্ৰাস পোৱাত কিছুপৰিমানে হ’লেও বিজেপি ক্ষতিগ্ৰস্ত হ’ব।

উল্লেখ্য যে যোৱা ডিচেম্বৰত নতুন কৃষি আইনক কেন্দ্ৰ কৰি আৰম্ভ হোৱা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৰাজস্থানৰ ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টি আৰু পঞ্জাৱৰ শিৰোমণি আকালি দলে গেৰুৱা দলৰ সংগ ত্যাগ কৰিছিল।

এনেদৰে এটা এটাকৈ মিত্ৰজোঁটৰ দলে এনডিএ ত্যাগ কৰাটো আগন্তুক দিনত বিজেপিৰ বাবে চিন্তাৰ বিষয় হৈ পৰাৰ সম্ভাৱনা আছে।