NORTHEAST NOW (Assamese)

C(A)A য়ে প্ৰতাৰিত শৰণাৰ্থীসকলক নাগৰিকত্ব দিব, কোনো লোকৰ নাগৰিকত্ব কাঢ়ি নলয় : প্ৰধান মন্ত্ৰী মোদী

December 30, 2019 3:07 pm · এন ই নাও নিউজ

“C(A)A য়ে প্ৰতাৰিত শৰণাৰ্থীসকলক নাগৰিকত্ব দিব, কোনো লোকৰ নাগৰিকত্ব কাঢ়ি নলয়।” টুইটৰ জৰিয়তে এই মন্তব্য কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

সমগ্ৰ দেশকে নাগৰিকত্ব (সংশোধন) আইন বিৰোধী প্ৰতিবাদৰ জুইয়ে দহি থকাৰ সময়তে প্ৰধান মন্ত্ৰী মোদীয়ে নাগৰিকত্ব আইনক লৈ আৰম্ভ কৰিছে ছচিয়েল কেম্পেইন। প্ৰধান মন্ত্ৰী গৰাকীয়ে ২৯ ডিচেম্বৰত উক্ত টুইটৰ জৰিয়তে সকলোকে নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতি সমৰ্থন জনাবলৈ আহ্বান জনায়।

লগতে প্ৰধান মন্ত্ৰী মোদীয়ে #IndiaSupportsCAA হেছটেগ লগাই টুইটাৰত উল্লেখ কৰে যে, “নমো এপৰ ভলিণ্টিয়াৰ মডিউলৰ ভইচ ছেকশ্যনত আপুনি কনটেণ্ট, গ্ৰাফিক্স আৰু ভিডিঅ’ চোৱাৰ বাবে এই হেশ্বটেগ চাওক। এই হেশ্বটেগৰ জৰিয়তে CAAৰ পক্ষত আপোনাৰ সমৰ্থন আগবঢ়াওক।”

তাৰোপৰি প্ৰধান মন্ত্ৰী মোদীয়ে আধ্যাত্মিক গুৰু সদগুৰুৱে C(A)Aৰ সমৰ্থনত বনোৱা এটা ভিডিঅ’ নিজৰ টুইটাৰত শ্বেয়াৰ কৰে। আৰু মোদীয়ে কয় যে আধ্যাত্মিক গুৰু সদগুৰুৱে এই ভিডিঅ’ৰ জৰিয়তে C(A)Aৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সুন্দৰভাৱে উপস্থাপন কৰিছে।

উল্লেখযোগ্য যে বৰ্তমান অসম তথা উত্তৰ-পূৰ্বাঞ্চল, সমগ্ৰ দেশৰ বিভিন্ন দল-সংগঠনকে ধৰি সকলোৱে এই ‘কা’ৰ বিৰোধিতা কৰিছে। বিভিন্ন ঠাইত ‘কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে বহু ঠাইত হিংসাত্মক কাৰ্য সংঘটিত হৈছে।

ইয়াৰ পিছতো চৰকাৰে সমগ্ৰ দেশবাসীৰ কথা আওকাণ কৰি তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক নেওচি ‘কা’ৰ সপক্ষে প্ৰচাৰ চলাইছে। আনকি জনতাৰ প্ৰতিবাদঈ কণ্ঠকো কঠোৰ হাতেৰে দমনৰ বাবেও চেষ্টা চলাইছে চৰকাৰে।

Related News