বৰষাৰাণী বিষয়াৰ চৰিত্ৰহননত নামিল বিজেপি, CAA-সমৰ্থক; “প্ৰত্যুত্তৰ” হৈছেগৈ আঙুৰলতা ডেকাৰ চুটি কাপোৰৰ ফটো

বৰষাৰাণী বিষয়াৰ চৰিত্ৰহননত নামিল বিজেপি সমৰ্থক, CAA-সমৰ্থক; "প্ৰত্যুত্তৰ" হৈছেগৈ আঙুৰলতা ডেকাৰ চুটি কাপোৰৰ ফটো

Barasha Ran AngurLota

CAA-বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ চৰিত্ৰহননত নামিছে বিজেপিৰ সমৰ্থক একাংশ।

অভিনেত্ৰীগৰাকীয়ে পাৰ্টিত ফূৰ্তি কৰি থকা কেইটামান মুহূৰ্তৰ ফটো ছ’চিয়েল মিডিয়া ফেইচবুকত দি এইসকলে অভিনেত্ৰীগৰাকীৰ শালীনতা, সাজপাৰ আদিক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে আছু আৰু শিল্পীসকলৰ দ্বাৰা হোৱা CAA-বিৰোধী আন্দোলনত জনগণৰ লগত একেলগে থিয় হৈ আহিছে। ২১ ডিচেম্বৰত অভিনেত্ৰীগৰাকীয়ে শিৱসাগৰতো এটা CAA-বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈছিল।

চৰকাৰ-ঘোষিত ৫০ হাজাৰকৈ টকাৰ সাহায্য আদিয়েও শিল্পীসকলক CAA-বিৰোধিতাৰ পৰা আঁতৰাই আনিব নোৱৰাৰ পিছত শিল্পীসকলৰ চৰিত্ৰ হননৰ কৌশল লৈছে CAA-ৰ সমৰ্থক, বিজেপিৰ সমৰ্থকৰ একাংশই।

নিজৰা বৰ্মন নামৰ এগৰাকী CAA সমৰ্থকে বৰষাৰাণীয়ে বিদেশত সুৰা পান আৰু ডিস্কো ডান্স কৰি থকা দৃশ্য বুলি দাবী কৰি কেইখনমান ফটো আপল’ড কৰে।

দুৰ্লভ নাথ নামৰ লখিমপুৰৰ এজন বিজেপি সমৰ্থক/সদস্যয়ো এই একেখন ফটো তেওঁৰ টাইমলাইনত আপল’ড কৰি চৰকাৰৰ টকাৰে ডান্স কৰা বুলি অভিযোগ আনিছে। যুকজনে বৰষাৰাণীক “মূলাগাভৰু ওলাবলৈ আহিছে” বুলি কটাক্ষও কৰিছে।

এই চৰিত্ৰহননকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিবলৈ অভিনেত্ৰীগৰাকীক পৰামৰ্শ দিছে একাংশ সমৰ্থকে।

আনহাতে CAA-ৰ সমৰ্থকসকলৰ এই অপকাণ্ডৰ প্ৰত্যুত্তৰ হিচাপে অভিনেত্ৰীগৰাকীৰ সমৰ্থক একাংশই বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাৰ চুটি কাপোৰত বিভিন্ন ভংগিৰে উঠা ফটো আপল’ড কৰিছে।