NORTHEAST NOW (Assamese)

আজি ৰাজ্যসভাত ভাগ্য নিৰ্ণয় হ’ব অসমীয়াৰ!: ফুটুকাৰ ফেনত পৰিণত হ’ব বিধেয়ক বিৰোধী প্ৰতিবাদ?

February 12, 2019 9:29 am · এন ই নাও নিউজ
ফাইল ফটো

আজি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰাজ্যসভাত উত্থাপন কৰা হ’ব। দুপৰীয়া ১২ বজাত গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন সদনত উত্থাপন কৰিব। বিধেয়কখন উত্থাপনৰ পাছত বিধেয়কখনক লৈ সদনত আলোচনা হ’ব আৰু ইয়াৰ পাছতে বিধেয়কখন গৃহীত কৰিবলৈ ভোটৰ বাবে আগবঢ়োৱা হ’ব।

লোকসভাত ইতিমধ্যে যোৱা ৮ জানুৱাৰিত গৃহীত হোৱা বিধেয়কখন ৰাজ্যসভাত গৃহীত হ’লেই আইনত পৰিণত হোৱাৰ বাট মুকলি হৈ পৰিব। জানিব পৰা মতে, আজি সংসদত ৪ জন সাংসদ উপস্থিত নাথাকে। এই সাংসদকেইজনে বিশেষ কাৰণ দৰ্শাই ছুটীৰ আৱেদন কৰিছিল। সাংসদ কেইজনৰ ছুটী অনুমোদনো কৰা হৈছে।

উক্ত সাংসদকেইজন যদি বিজেপি বিৰোধী তথা বিধেয়ক বিৰোধী পক্ষৰ প্ৰতিনিধি হয়, তেতিয়াহ’লে বিজেপিৰ বাবে নিশ্চিতভাৱে সকাহৰ সৃষ্টি কৰিব। কিয়নো বাস্তৱত ৰাজ্যসভাত শাসকীয় দলৰ সংখ্যা কম আছে।

ইপিনে, জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে যদিও কেন্দ্ৰই অসম তথা উত্তৰ-পূবৰ এই প্ৰতিবাদক সমূলি আওকান কৰিছে। ৰাজ্যসভাত বিতৰ্কিত বিধেয়কখন গৃহীত হ’লেই উত্তৰ-পূৰ্বাঞ্চলত ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰো সম্ভাৱনা আছে।

আনহাতে, ৰাজ্যসভাত কংগ্ৰেছে বিধেয়কখন সন্দৰ্ভত কি ভূমিকা গ্ৰহণ কৰে সেয়াও লক্ষ্যণীয় হৈ পৰিব। আছু আৰু নেছ’ৰ প্ৰতিনিধি দলক প্ৰতিশ্ৰুতি দিয়া আন বিৰোধী তথা এনডিএৰ সহযোগী দলকেইটাৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ’ব। বিজেপিয়ে বিধেয়কখন আজিয়েই গৃহীত কৰাৰ সৰ্বাত্মক প্ৰচেষ্টা চলাব।

জানিব পৰা মতে, সাংসদত বৰ্তমানৰ দলীয় স্থিতি হৈছে, বিধেয়কৰ সপক্ষে -১১০, বিধেয়ক বিৰোধী -১২০, অনুপস্থিত -১ আৰু ১৩ জন সদস্যই তেওঁলোকৰ স্থিতি স্পষ্ট কৰা নাই।

Related News