• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি ৰাজ্যসভাত উত্থাপিত হ’বলগীয়া বিধেয়কৰ বিৰোধিতা কৰিব জে ডি (ইউ), ডি এম কে আৰু সমাজবাদী পাৰ্টীয়ে

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , February 12, 2019 8:22 am

2 min read

11-02-19 Delhi- NESO-AASU delegation met Javed Ali Khan (2)

নতুন দিল্লীত আছু আৰু নেছ্'ৰ প্ৰতিনিধি দলে সমাজবাদী পাৰ্টিৰ সাংসদ জাভেদ আলী খানক সাক্ষ্যাৎ কৰা মুহূৰ্তত। ফটো : ইউ বি

916
VIEWS
Share on FacebookShare on Twitter

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত তথা  চলিত ৰাজ্যসভাত যাতে এই আইনখন গৃহীত নহয়, তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা  আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে।

ৰাজ্যসভাৰ অধিৱেশন ১৩ ফেব্ৰুৱাৰিলৈ চলিব। আনহাতে, বিতৰ্কিত বিধেয়কখন আজি ৰাজ্যসভাত উত্থাপন কৰাৰ বাবে সদনৰ কাৰ্যক্ৰমণিকাত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে। বিধেয়কখন গৃহীত কৰাৰ বাবে বিজেপিয়ে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব। ইয়াৰ বাবে বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাত সাংসদসকলে বিৰোধিতা কৰি নিশ্চিতভাৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

এই সন্দৰ্ভত আছু আৰু নেছ’ৰ প্ৰতিনিধি দলটোৱে সদন কক্ষ ত্যাগ নকৰাকৈ সকলোকে সদনত উপস্থিত থাকি বিধেয়কখনৰ বিৰুদ্ধে ভোট দি ইয়াক গৃহীত হোৱাত বাধা দিবলৈ বিভিন্ন দলৰ সাংসদসকলক আহ্বান জনাইছে।

নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰৱা, সম্পাদকপ্ৰধান ছিনাম প্ৰকাশ, উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ সমন্বিতে সদৌ অসম ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা, সদৌ মণিপুৰ ছাত্ৰ সন্থা, নগা ছাত্ৰ ফেডাৰেশ্যন, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যন, মিজো জিৰলাই পল, গাৰো ছাত্ৰ সন্থা সমন্বিতে প্ৰতিনিধি দলটোৱে সোমবাৰে নীতিশ কুমাৰ নেতৃত্বাধীন জে ডিৰ (ইউ) সাংসদ কে চি ত্যাগী, সমাজবাদী পাৰ্টিৰ নেতা জেপিচিৰ সদস্য জাভেদ আলী খান, বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰী, ডি এম কেৰ তিৰুচি শিৱাক সাক্ষাৎ কৰি ৰাজ্যসভাত বিধেয়ক বিৰোধী স্থিতি গ্ৰহণৰ আহ্বান জনায়।

জে ডিৰ (ইউ) নেতা কে চি ত্যাগীয়ে বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা পুনৰ স্পষ্টভাৱে দোহাৰিছে। এন ডি এৰ সহযোগী জে ডি (ইউ)য়ে বিধেয়কখনৰ বিৰুদ্ধে ভোট প্ৰদান কৰিব আৰু আন দলকো এই সন্দৰ্ভত বিধেয়কখনৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাব। বি পি এফ সদস্য বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখন সন্দৰ্ভত ভোট হ’লে সময়ত দলে উপযুক্ত সিদ্ধান্ত ল’ব বুলি জানিব দিয়ে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

আনহাতে, সমাজবাদী পাৰ্টীৰ জাভেদ আলী খানে জে পি চিতো দলে এই সাম্প্ৰদায়িক বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰি দলৰ ১৩জন সাংসদে সংসদত উপস্থিত থাকি বিধেয়কখনৰ বিৰুদ্ধে ভোট দিব বুলি প্ৰতিনিধি দলটোক জানিব দিয়ে। এই সন্দৰ্ভত একেই দৃষ্টিভংগী প্ৰকাশ কৰিছে তামিলনাডুৰ আঞ্চলিক দল ডি এমকেই।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd