হিন্দীক কাশ্মীৰৰ চৰকাৰী ভাষা কৰাৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ

kash

শীঘ্ৰেই জম্মু-কাশ্মীৰত চৰকাৰী ভাষাৰ মৰ্যাদা পাব হিন্দী ভাষাই।

কেন্দ্ৰীয় কেবিনেটে আজি এই সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনায়।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ সময়তে সংসদত উত্থাপন কৰা হ’ব জম্মু-কাশ্মীৰ চৰকাৰী ভাষা বিধেয়ক ২০২০।

আজি কেন্দ্ৰীয় কেবিনেটে জম্মু-কাশ্মীৰৰ চৰকাৰী ভাষা হিচাবে হিন্দীৰ লগতে কাশ্মীৰী আৰু ডগ্ৰী ভাষাক অনুমোদন জনায় বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে কয় যে সংসদত গৃহীত হোৱাৰ পিছতে কাশ্মীৰত হিন্দী,কাশ্মীৰী আৰু ডগ্ৰী কাশ্মীৰৰ চৰকাৰী ভাষা হৈ পৰিব।

কাশ্মীৰত বৰ্তমান উৰ্দু  আৰু ইংৰাজী ভাষা চৰকাৰী কাম-কাজত ব্যৱহাৰ হৈ আছে।

মন্ত্ৰী জাভেদকাৰে কয় যে ২০১৯ চনৰ ৫ আগষ্টৰ দিনা কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছতে উপত্যকালৈ পৰিৱৰ্তনৰ লহৰ উঠিছে।

হিন্দী ভাষাৰ লগতে কাশ্মীৰী আৰু ডগ্ৰী ভাষা কাশ্মীৰৰ চৰকাৰী ভাষা হ’লে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত সুবিধা হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰত এতিয়া বাহিৰৰ লোকেও কোনো বাধা নোপোৱা কৈয়ে ব্যৱসায়-বাণিজ্য কৰিব পাৰিছে।