ৰাজ্যত অক্সিজেনৰ নাটনি দূৰ কৰাৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

cab

ৰাজ্যত অক্সিজেনৰ নাটনি দূৰ কৰাৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ক’ৰ’নাই সংহাৰৰ সৃষ্টি কৰা ৰাজ্য খনত যাতে অক্সিজেনৰ অবাৱত দিল্লীৰ দৰে পৰিস্থিতি নহয় তাৰ বাবে চৰকাৰে আজি কেবিনেট বৈঠকত বিশেষ কেতবোৰ সিদ্ধান্ত লয় ।

সেইমৰ্মে নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।

উল্লেখ্য কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলি উল্লেখ কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰতি দিনে  অক্সিজেন যোগান ধৰাৰ সিদ্ধান্ত লৈছে।

অসমে এতিয়া নিজৰ চাহিদা পূৰণ কৰাৰ লগতে অৰুণাচলৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ একাধিক ৰাজ্যক অক্সিজেন যোগান ধৰি আহিছে।

উল্লেখ্য  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে নিম্নোল্লিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অনুষ্ঠিত হয় হয় কেবিনেট বৈঠক। ৰাজ্যত কোভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আজিৰ কেবিনেট বৈঠক খন বেছ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

ভৱিষ্যতে ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ যাতে অভাৱ নহয় তাৰবাবে কেবিনেটে সিদ্ধান্ত লয় ।
নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।

বৰ্তমান চলি থকা এনে উদ্যোগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
ইতিমধ্যে উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ ২০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।

এই সিদ্ধান্তসমূহ ১ জানুৱাৰী, ২০২১ৰ পৰা কাৰ্যকৰী হ’ব যদিও বিত্তীয় বৰ্ষ হিচাপে ১ এপ্ৰিল, ২০২১ৰ পৰা ৩১ মাৰ্চ, ২০২২ প্ৰযোজ্য হ’ব।

বিটিআৰ প্ৰধানৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক কেবিনেট পদমৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত লয়।
অধিবক্তা দেৱজিৎ শইকীয়াক ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ।

ইতিমধ্যে বৰ্তি থকা তত্বাৱধায়ক মন্ত্ৰীৰ নামৰ পৰিৱৰ্তন কৰি অভিভাৱক মন্ত্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ । অভিভাৱক মন্ত্ৰীসকলে জিলাখনৰ উন্নয়নৰ সকলো দিশ তদাৰক কৰিব।