গুৱাহাটী বিশ্ব.বি.ৰ ৭৪হাজাৰ শিক্ষাৰ্থীৰ কেৰিয়াৰ বৰবাদ, ভয়ংকৰ তথ্য কেগ প্ৰতিবেদনত

অসম চৰকাৰক ২০১৮ চনতে এই কথা জনাইছিল, কিন্তু কোনো উত্তৰ পোৱা নাই কেগে।

CAG report says Gauhati University offered 21 unapproved courses for 7 yrs

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফাইল ছবি।

কম্পট্ৰ’লাৰ এণ্ড অ’দিতৰ জেনেৰেল অৱ ইণ্ডিয়া (CAG)ৰ প্ৰতিবেদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক ভয়ংকৰ জালিয়াতি পোহৰলৈ আহিছে।

প্ৰকাশিত বাতৰিমতে, “অনুমোদনহীনভাৱে” ১৯টা বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয় আইদল (Institute of Distance and Open Learning)এ মুঠ ৭৩,৯১২ গৰাকী শিক্ষাৰ্থীক ভৰ্তি কৰোৱাইছিল।

২০১০-১১ৰ পৰা ২০১৬-১৭ চনলৈকে সময়চোৱা কেগৰ অ’দিতে সামৰি লৈছে।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন নোহোৱা বাবে, কেগৰমতে, এই বিষয়সমূহত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰমাণপত্ৰ “অবৈধ” আৰু চাকৰিৰ বাবে অযোগ্য।

ইউ জি চিক এই সন্দৰ্ভত “একাধিক ভুৱা শপতনামা” দাখিল কৰিছিল উত্তৰ-পূবৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খনে, প্ৰতিবেদনটোত প্ৰকাশ।

সাত বছৰজুৰি চলাই অহা এই ভয়ংকৰ ফাঁকিবাজিৰে বিশ্ববিদ্যালয়খনে আহৰণ কৰিছে মুঠ ৩৯.০৬ কোটি টকা। এই ধন শিক্ষাৰ্থীৰ নামভৰ্তিৰ বিনিময়ত সংগৃহীত মাচুল।

অসম চৰকাৰক এই কথা ২০১৮ চনৰ আগষ্টতে কেগে জনাইছিল, কিন্তু এতিয়ালৈকে চৰকাৰে কোনো উত্তৰেই দিয়া নাই।

কেগৰ এই প্ৰতিবেদন অসম বিধান সভাৰ চলিত শীতকালীন অধিৱেশনত দাখিল হৈছে। কিন্তু, বিশ্ববিদ্যালয়, শাসক-বিৰোধী আৰু চৰকাৰৰ কোনো বিবৃতি এতিয়ালৈকে আমি পোৱা নাই।

কেগৰ প্ৰতিবেদনে কৈছে কি, চাওঁ আহক বিতংকৈ।

লগতে পঢ়ক– গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট হেক, ওলাই প’ৰ্ন ছাইটৰ লিংক

আইদলক ইগনৌ (Indira Gandhi National Open University)এ ভাৰতৰ ডিষ্টেন্স এজুকে’চন কাউন্সিলৰ অনুমোদনমৰ্মে ২০১০ চনত ৮টা পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ স্বীকৃতি দিছিল।

এই নিয়ম মানি চলিম বুলি গুৱাহাটী বিশ্ববিদ্যালয়ে ইউ জি চিত “ভুৱা শপতনামা” দি আহিছিল আৰু ওলোটাই অনুমোদনহীনভাৱেই ২১টা ডিষ্টেন্স পাঠ্যক্ৰম আগবঢ়াইছিল।

“আইদল, জি ইউক এই আঠটা পাঠ্যক্ৰমৰ বাহিৰে ডিষ্টেন্স ম’দত আন পাঠ্যক্ৰম আগনবঢ়াবলৈ বিশেষভাৱে নিৰ্দেশ দিয়া হৈছিল,” প্ৰতিবেদনটোত উল্লেখ।

২০১০-১১ শিক্ষাবৰ্ষৰ পৰা এই পাঠ্যক্ৰম আগবঢ়াবলৈ ২০১০ চনৰ আগষ্টত অনুমতি দিয়া হৈছিল।

প্ৰতিবেদনমতে, ২০১৩-১৪ চনত ইউ জি চিয়ে এই অনুমতি পাঁচ বছৰ অৰ্থাৎ ২০১৭-১৮ চনলৈকে বঢ়াই দিয়ে, কিন্তু অনুমোদন ৮টা বিষয়ৰে থাকে।

প্ৰতিবেদনটোৰমতে, ইউ জি চি, ডি ই চি আৰু এ আই চি টি ই (All India Council for Technical Education)ক লৈ গঠিত যুটীয়া সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই অনুমোদন আগবঢ়োৱা হয়।