ধ্বংসৰ গৰাহত ডবকাস্থিত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা

IMG-20181010-WA0006

হোজাই জিলাৰ ডবকাত নাই কোনো চৰকাৰী অতিথিশালা৷ ডবকাত  গড়কাপ্তানি বিভাগৰ (গ্ৰাম্য পথ সংমণ্ডল) এটা পৰিদৰ্শন বঙলা আছে৷ সেই ভৱনতে বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ লগতে বাহিৰৰ পৰা অহা চৰকাৰী বিষয়া-কৰ্মচাৰীসকল থাকে৷ প্ৰয়োজনত জিৰণি লয়৷

কিন্তু দুৰ্ভাগ্যজনকভাৱে এই অতিথিশালাটোৰ অৱস্থাই আজি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে৷ বিভাগৰ চোৱা-চিতা আৰু ৰক্ষণাবেক্ষণৰ অভাৱত গৃহটো জহি-খহি যোৱাৰ উপক্ৰম হোৱাৰ লগতে চৌহদৰ সীমাৰ দেৱালৰ কোন কাহানিবাই চিন-মোকাম নাইকীয়া হৈছে৷ চৌহদৰ সীমাৰ দেৱাল নথকাত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱনটো এতিয়া উদঙীয়া গৰু-ছাগলীৰ আশ্ৰয়স্থলত পৰিণত হৈছে৷ এই বঙলাটোৰ চোৱাচিতাৰ বাবে এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছে যদিও বিভাগীয় অৱহেলাৰ পৰিণতিত পৰিদৰ্শন বাংলোটোৰ দুৱাৰ-খিৰিকী খহি পৰাৰ উপক্ৰম হৈছে৷

প্ৰাচীন ডবকাৰ গৌৰৱময় ঐতিহ্যক বহন কৰা পৰিদৰ্শন বঙলাটোত সম্প্ৰতি পানীৰ কোনো সুব্যৱস্থা নাই৷ সেয়ে কেতিয়াবা বাহিৰৰ পৰা কোনো চৰকাৰী বিষয়া-কৰ্মচাৰী বঙলাটোলৈ আহিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীয়ে দূৰৰ পৰা বাল্টিৰে পানী কঢ়িয়াই আনি দিবলগীয়া হয়৷

জানিব পৰা মতে পৰিদৰ্শন বঙলাটোৰ  চৌহদত নাই পানীৰ ব্যৱস্থা, নাই পানীৰ টেংকী৷ এনে এক অৱস্থালৈ পৰ্যবসিত হোৱা ভৱনটোৰ সুৰক্ষাৰ ক্ষেত্ৰত নীৰৱ চৰকাৰী বিভাগৰ লগতে স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমল। অগপ-বিজেপিৰ দখলত থকা ডবকা নগৰ সমিতিও এই ক্ষেত্ৰত উদাসীন। পূৰ্বে ডবকাত যিকোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, সভা-সমিতিৰ বাবে গড়কাপ্তানি বিভাগৰ এই পৰিদৰ্শন বঙলাটোৰ চৌহদ ব্যৱহাৰ কৰা হৈছিল যদিও এতিয়া চৌহদৰ সীমাৰ দেৱাল খহি সৰ্বত্ৰে এক কদৰ্যময় পৰিৱেশ সৃষ্টি হৈছে৷ এনে অৱস্থাৰ পৰা পৰিদৰ্শন বঙলাটো ৰক্ষা কৰিবলৈ স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমল, গড়কাপ্টানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি আহিবনে?