NORTHEAST NOW (Assamese)

প্ৰষ্টেটৰ সমস্যাই বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ সম্ভাৱনা? বিশেষজ্ঞই কি কয় জানো আহক –

May 20, 2025 6:35 am · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 19, 2025 6:44 pm

পঞ্চাশ বছৰৰ বয়সৰ ওপৰৰ পুৰুষৰ ক্ষেত্ৰত প্ৰায়েই মূত্ৰাশয়ৰ সমস্যাই দেখা দিয়ে। বয়স বঢ়াৰ লগে লগে শ শ সমস্যাৰ ভিতৰত আমি প্ৰস্ৰাৱৰ গতিৰ পৰিৱৰ্তন দেখিবলৈ পাওঁ। কিছুমানে বাৰে বাৰে প্ৰস্ৰাৱগাৰলৈ যাবলগীয়া হয়কিছুমানে এমুহূৰ্তৰ বাবেও প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰে, আৰু কিছুমানৰ ক্ষেত্ৰত অজানিতে প্ৰস্ৰাৱ ওলাই আহে। এটা নিৰ্দিষ্ট বয়সৰ পিছত কম বেছি পৰিমাণে পুৰুষৰ এনে সমস্যা হয়। কিন্তু কিয় এনেকুৱা হয়?

ডায়েবেটিছ, অত্যধিক মানসিক চাপ, বা স্নায়ুজনিত কাৰণতো এনে হব পাৰে। কিন্তু ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হল প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি হোৱা। অৱশ্যে প্ৰাৰম্ভিক পৰ্যায়ত বেছিভাগ মানুহেই এই সমস্যাক আওকাণ কৰে। গতিকে যদি আপোনাৰ এনে কোনো লক্ষণে দেখা দিয়ে তেন্তে সতৰ্ক হওক আৰু চিকিৎসকৰ ওচৰলৈ যাওক যাতে প্ৰষ্টেটৰ সমস্যাৰ পৰা বাচি থাকিব পাৰে।

বহুতে ভাবে যে প্ৰষ্টেটৰ সমস্যা বা প্ৰষ্টেট গ্ৰন্থি বৃদ্ধিৰ একমাত্ৰ সমাধান হ’ল অস্ত্ৰোপচাৰ। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে কোনো ৰোগী আহিলে তেওঁলোকক প্ৰথমে ঔষধ দিয়া হয়। তাৰ আগতে কিছু পৰীক্ষা কৰা হয়। আল্ট্ৰাছাউণ্ড, ইউৰিন কালচাৰ, পি এছ এ টেষ্ট, আৰু কিছুমান ক্লিনিকেল টেষ্ট কৰি প্ৰষ্টেটৰ আকাৰ সম্পৰ্কে জানি লোৱা হয়। সেই আধাৰত ঔষধ দিয়া হয়।

বিশেষজ্ঞ সকলৰ মতে, ৯০ শতাংশৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, কেৱল ঔষধেই ভাল কৰিব পাৰে। ঔষধ আৰম্ভ কৰাৰ কেইসপ্তাহমানৰ পিছত ৰোগীক আকৌ আহিবলৈ কোৱা হয়। যদি দেখা যায় যে ঔষধে একেবাৰে কাম কৰা নাই, তেন্তে প্ৰষ্টেটৰ বৃদ্ধি পোৱা অংশটো আঁতৰাবলৈ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। প্ৰষ্টেট অস্ত্ৰোপচাৰৰ পিছত প্ৰস্ৰাৱ বন্ধ হোৱা বা আনুষংগিক সমস্যাৰ সৃষ্টি হব পাৰে বুলি বহুতে বিশ্বাস কৰে। কিন্তু সেয়া সম্পূৰ্ণ সঁচা নহয়।

আচলতে প্ৰষ্টেট বৃদ্ধি হলে মূত্ৰাশয়ত চাপ পৰে। তেতিয়াই প্ৰস্ৰাৱৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিয়ে।  প্ৰথমতে প্ৰস্ৰাৱ কৰাত অসুবিধা হয়। বহুতৰে প্ৰস্ৰাৱ ধৰি ৰখাত অসুবিধা হয়। কিছুমান লোকে এবাৰ প্ৰস্ৰাৱ কৰা পিছত পুনৰ প্ৰস্ৰাৱ লগা অনুভৱ কৰে, কিন্তু প্ৰথমতে সঠিকভাৱে প্ৰস্ৰাৱ কৰিব নোৱাৰে। প্ৰবাহ ভাল নহয়। মাজে মাজে প্ৰস্ৰাৱ হয়, যাৰ বাবে বহু সময় লাগে। গতিকে প্ৰস্ৰাৱ কৰাৰ ইচ্ছা বাৰে বাৰে আহি থাকে।

এই সমস্যাৰ চিকিৎসা নাম হকটুৰিয়া। উল্লেখিত সমস্যাৰ কাৰণ হৈছে প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা। যদি আপোনাৰ এনে লক্ষণ দেখা যায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাত পলম নকৰিব।

যদি প্ৰস্ৰাৱ সম্পূৰ্ণ বন্ধ হৈ গৈছে, যদি প্ৰস্ৰাৱত তেজ গৈছে, যদি বাৰে বাৰে প্ৰস্ৰাৱ ওলাই গৈছে হয়, বা যদি বৃক্ক ফুলি গৈছে তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱাৰ অৰ্থ হযে ইতিমধ্যে বহু দেৰি হৈছে।

আচলতে এই সমস্যাৰ আঁৰৰ কাৰণ হৈছে গাফিলতি। বহুতে লাজত সমস্যাটো লুকাই থাকে। যদি আপুনি পলম কৰে তেন্তে মূত্ৰাশয়ত প্ৰস্ৰাৱ জমা হব পাৰে, যাৰ ফলত বৃক্ক ফুলি উঠিব পাৰে আৰু সম্ভৱতঃ বৃক্ক বিকল হব পাৰে।

আজিৰ আধুনিক জীৱনশৈলী এই প্ৰষ্টেট সমস্যাৰ বাবে বহুলাংশে দায়ী। পাৰিবাৰিক ইতিহাস থাকিলে এই সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। সুস্থ জীৱনশৈলীৰ লগতে সমস্যাৰ লক্ষণসমূহৰ প্ৰতি সজাগ হব লাগে আৰু সময়ে সময়ে পৰীক্ষা কৰাব লাগে। যদি আপুনি বিলম্ব কৰে তেন্তে গোপনে এই ৰোগ বাঢ়ি গৈ থাকিব। আৰু প্ৰষ্টেটৰ সমস্যাৰ বাবে ওজন দায়ী। গতিকে শৰীৰত চৰ্বি জমা হবলৈ দিয়া উচিত নহয়। ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে সাৱধান হোৱা উচিত। গতিকে, নিয়মিত ব্যায়াম আৰু খোজ কঢ়াৰ প্ৰয়োজন।

প্ৰষ্টেটৰ সমস্যাৰ অৰ্থ কেন্সাৰৰ সম্ভাৱনা নেকি?

প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি হোৱাৰ অৰ্থ এইটো নহয় যে ই প্ৰষ্টেট কেন্সাৰৰ লক্ষণ। স্বাভাৱিক প্ৰষ্টেটতো কেন্সাৰ হব পাৰে। সাধাৰণতে ৫০ বছৰ বয়সৰ পিছত প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পায়।

যিসকলৰ পৰিয়ালত প্ৰষ্টেট কেন্সাৰৰ ইতিহাস আছে তেওঁলোকে এই লক্ষণসমূহ দেখা দিলে অধিক সাৱধান হব লাগে।

Related News