• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধবিৰতিক লৈ শীঘ্ৰে আলোচনা আৰম্ভ কৰিব ৰাছিয়া-ইউক্ৰেইনে; পুটিনক ফোনৰ পিছতে দাবী ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2025 8:11 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শীঘ্ৰেই যুদ্ধবিৰতিক লৈ আলোচনা আৰম্ভ হ’ব। সোমবাৰে এই দাবী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনযোগে কথা পতাৰ পিছতে তেওঁ এই মন্তব্য কৰে।

দুঘণ্টা ধৰি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পাতিছে বুলি উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ অতি ভালদৰে কথা-বতৰা হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও এই আলোচনাক “যুদ্ধৰ অন্ত পেলোৱা”ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।

Apply Now

ট্ৰাম্প আৰু পুটিনৰ মাজত হোৱা আলোচনাৰ পিছত বহুতে ভাবে যে এইবাৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তিনিবছৰীয়া সংঘাত শেষ হ’বলৈ ওলাইছে। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে ৰাছিয়া আৰু ইউক্ৰেইনে ইস্তানবুলত প্ৰথমবাৰৰ বাবে মেজত বহি কোনো মধ্যস্থতাকাৰী অবিহনে যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ ওপৰত আলোচনা কৰে। অৱশ্যে সেই বৈঠক ফলপ্ৰসূ নহ’ল।

কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে কয় যে ইউক্ৰেইন শান্তি আলোচনা অব্যাহত ৰখাৰ পক্ষত। দেওবাৰে জেলেনস্কিয়ে ৰোমত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ সৈতে সাক্ষাৎ কৰে। তাতো তেওঁ একেই কথা কৈছিল।

জানিব পৰা মতে ৰাছিয়াও ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতিৰ দিশত আগবাঢ়িবলৈ সাজু হৈছে। ফোন কলৰ সময়ত এই কথা আমেৰিকাৰ ৰাষ্ট্ৰপতিক জনায় পুটিনে। সংবাদ সংস্থা ৰয়টাৰ আৰু এ এফ পিৰ খবৰ অনুসৰি ৰাছিয়াই যুদ্ধবিৰতিৰ বাবে সন্মতি দিছিল যদিও কেইবাটাও চৰ্ত আৰোপ কৰিছে। অৱশ্যে এই চৰ্তৰ সবিশেষ জানিব পৰা হোৱা নাই।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ফোনযোগে কথা পতাৰ পিছত পুটিনে কয় যে তেওঁ আৰু ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি আৰু শান্তি পুনৰুদ্ধাৰ সম্পৰ্কীয় কেইবাটাও বিষয়ত সহমতত উপনীত হৈছে। ইয়াৰ বাবে মস্কোৱে ইউক্ৰেইনৰ সৈতে সমন্বয়ত এখন স্মাৰকপত্ৰ প্ৰস্তুত কৰিব।

পুটিনে লগতে কয় যে ই ভৱিষ্যতে সম্ভাৱ্য শান্তি চুক্তিৰ বাবে মূল স্থিতিৰ ৰূপৰেখা দাঙি ধৰিব। পুটিনে এইটোও কয় যে ইয়াৰ ফলত ২০২২ চনত আৰম্ভ হোৱা যুদ্ধৰ অন্ত পেলোৱাৰ দিশত ৰাছিয়াই সঠিক পথত আগবাঢ়িছে।

ইপিনে, সেই বৈঠকৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে দ্বিপাক্ষিক আলোচনাৰ চৰ্তসমূহ দুয়োপক্ষৰ মাজত পোনপটীয়াকৈ আলোচনা কৰা হ’ব। তেওঁ কয় যে এইটোৱেই একমাত্ৰ উপায় কাৰণ তেওঁলোকে এনে এটা আলোচনাৰ সবিশেষ জানে যিটো আন কোনোৱে নাজানে।

ট্ৰাম্পে কয় যে পুটিনৰ সৈতে কথা পতাৰ পিছত তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিকো ফোন কৰে। ইয়াৰ উপৰিও তেওঁ কেইবাখনো দেশৰ ৰাষ্ট্ৰপতিৰ সৈতেও টেলিকনফাৰেন্স অনুষ্ঠিত কৰিছিল।

এই যুদ্ধ শেষ হোৱাৰ পিছত ৰাছিয়াই তেওঁলোকৰ সৈতে বৃহৎ বাণিজ্য কৰিব বিচাৰিছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে। ইয়াৰ উপৰিও তেওঁ কয় যে ইউক্ৰেইনেও ইয়াৰ বাণিজ্যৰ দ্বাৰা লাভৱান হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd