কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰিবলৈ ওলাইছে। দীৰ্ঘদিন ধৰি দেশৰ ৰাজনীতিত বিতৰ্কত আবদ্ধ হৈ থকাৰ বাবেই তেওঁ এই সিদ্ধান্ত ল’বলৈ ওলাইছে। সোমবাৰৰ ভিতৰত ট্ৰুডোৱে পদত্যাগ ঘোষণা কৰিব পাৰে।
কেইবাটাও সূত্ৰৰ উদ্ধৃতি দি এই তথ্য কানাডাৰ সংবাদ মাধ্যম গ্ল’ব এণ্ড মেইলৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ব্ৰিটিছ সংবাদ সংস্থা ৰয়টাৰেও এই তথ্য প্ৰকাশ কৰিছে।
দেওবাৰে গ্ল’ব এণ্ড মেইলে তিনিটা সূত্ৰৰ উদ্ধৃতি দি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে লিবাৰেল পাৰ্টিৰ নেতা হিচাপে সোমবাৰে পদত্যাগ ঘোষণা কৰাৰ সম্ভাৱনা আছে।
সূত্ৰসমূহে গ্ল’ব এণ্ড মেইলক জনোৱা মতে, ট্ৰুডোৱে কেতিয়া পদত্যাগৰ পৰিকল্পনা ঘোষণা কৰিব সেয়া নিশ্চিতভাৱে নাজানে। কিন্তু তেওঁলোকে আশা কৰিছে যে বুধবাৰে অনুষ্ঠিত হ’বলগীয়া এখন বৃহৎ ৰাষ্ট্ৰীয় বৈঠকৰ পূৰ্বে তেওঁ পদত্যাগ ঘোষণা কৰিব।
কিন্তু কানাডাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত মন্তব্যৰ বাবে কৰা অনুৰোধৰ তৎক্ষণাত কোনো সঁহাৰি নিদিলে।
গ্ল’ব এণ্ড মেইলৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ট্ৰুডোৱে নিজৰ পদ তৎক্ষণাত এৰিব নে নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে প্ৰধানমন্ত্ৰী হিচাপে থাকিব সেয়া স্পষ্ট নহয়।
ট্ৰুডোৱে ২০১৩ চনত লিবাৰেল পাৰ্টিৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰে। সেই সময়ত কানাডাৰ দলটো গভীৰ বিপদত পৰিছিল আৰু প্ৰথমবাৰৰ বাবে হাউছ অৱ কমনছৰ তৃতীয় স্থানলৈ নামি আহিছিল।
সংবাদ সংস্থাৰ দাবী যে ট্ৰুড’ৰ সম্ভাৱ্য পদত্যাগৰ ফলত দেশখনৰ শাসকীয় দলটো স্থায়ী নেতাৰ অভাৱত পৰিব। সমীক্ষাসমূহত দেখা গৈছে যে চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত লিবাৰেল দলে কনজাৰ্ভেটিভৰ হাতত বেয়াকৈ পৰাস্ত হব।
অৱশ্যে ট্ৰুডোৰ পদত্যাগৰ ফলত নতুন চৰকাৰ গঠনৰ বাবেও শীঘ্ৰে নিৰ্বাচনৰ আহ্বান জনোৱাৰ সম্ভাৱনা আছে।
ইফালে, প্ৰধানমন্ত্ৰী ট্ৰুডোৱে বিত্তমন্ত্ৰী ডমিনিক লেব্লাংকৰ সৈতে তেওঁ অন্তৱৰ্তীকালীন নেতা আৰু প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল’বলৈ ইচ্ছুক হয় নে নহয় তাক লৈ আলোচনা কৰিছে।