‘প্ৰক্সি এজেণ্ট’ৰ দ্বাৰা কানাডাৰ নিৰ্বাচনত ভাৰতৰ হস্তক্ষেপৰ অভিযোগ; সমূহ অভিযোগ খণ্ডন ভাৰতৰ

কানাডা চৰকাৰৰ সৈতে তিক্ত হৈ পৰিছে ভাৰতৰ কূটনৈতিক সম্পৰ্ক৷ শেহতীয়াকৈ কানাডাৰ চোৰাংচোৱা সংস্থাই ‘প্ৰক্সি এজেণ্ট’ৰ জৰিয়তে ২০২১ আৰু ২০১৯ চনৰ ফেডাৰেল নিৰ্বাচনত ভাৰত চৰকাৰে হস্তক্ষেপ কৰাৰ অভিযোগেৰে নথি প্ৰকাশ কৰিছে। ইতিমধ্যে এই নথিসমূহ বিদেশী হস্তক্ষেপৰ তদন্ত কৰা ফেডাৰেল আয়োগক গতাই দিয়া হৈছে।

কানাডাৰ সংবাদ মাধ্যমৰ মতে, কানাডাৰ নিৰাপত্তা চোৰাংচোৱা সেৱাৰ (CSIS) কাগজ-পত্ৰত নথিভুক্ত কৰা হৈছে যে ভাৰত চৰকাৰৰ এই নিৰ্বাচনত ‘হস্তক্ষেপ কৰাৰ উদ্দেশ্য’ আছিল আৰু সম্ভৱতঃ ইয়াৰ বাবে গোপন কাৰ্যকলাপ চলাইছিল।

বাতৰি মতে, বৃহস্পতিবাৰে (৪ এপ্ৰিল) নিশা এই নথিসমূহ ৰাজহুৱা কৰা হয়। চিএছআইএছে দাবী কৰিছে যে ভাৰতে নিৰ্বাচনত এইবাবেই হস্তক্ষেপ কৰিছিল কাৰণ ভাৰত চৰকাৰে অনুভৱ কৰিছিল যে ‘ভাৰত-কানাডাৰ ভোটাৰৰ এটা অংশই খালিস্তানী আন্দোলন বা পাকিস্তান সমৰ্থক ৰাজনৈতিক স্থিতিৰ প্ৰতি সহানুভূতিশীল।’

লগতে পঢ়কঃ পোহনীয়া হাতীৰ আক্ৰমণত পশ্চিম বংগৰ ইস্কন মন্দিৰত প্ৰাণ গ’ল অসমৰ মাউতৰ

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত গঠিত আয়োগে কয় যে ইয়াৰ প্ৰাৰম্ভিক গুৰুত্ব চীন, ৰাছিয়া আৰু অচিনাক্ত ‘বিদেশী কাৰক’ৰ দ্বাৰা কানাডাত নিৰ্বাচনী হস্তক্ষেপৰ তদন্তৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। কিন্তু ইয়াৰ পাছত চিএছআইএছে চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতকো সামৰি নিজৰ তদন্তৰ পৰিসৰ বৃদ্ধি কৰিছিল।চলিত বৰ্ষৰ জানুৱাৰী মাহত বিদেশী হস্তক্ষেপ আয়োগে কানাডা চৰকাৰক কানাডাৰ নিৰ্বাচনত ভাৰত চৰকাৰৰ হস্তক্ষেপৰ অভিযোগৰ সৈতে জড়িত তথ্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল।

চিএছআইএছৰ মতে ভাৰতৰ এই হস্তক্ষেপৰ আঁৰত ভাৰতৰ দ্বৈত উদ্দেশ্য আছিল। প্ৰথমতে, ভাৰতৰ ইতিবাচক ভাবমূৰ্তি সৃষ্টি কৰা আৰু দ্বিতীয়তে, ভাৰতৰ স্থিতিশীলতাৰ প্ৰতি কানাডাৰ পৰা নিৰ্গত হোৱা ভাবুকি প্ৰতিহত আৰু দমন কৰা।

উল্লেখ্য যে, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কানাডাৰ নাগৰিক হৰদীপ সিং নিজাৰক গুলীয়াই হত্যা কৰাৰ বাবে ভাৰতক ৰাজহুৱাভাৱে জগৰীয়া কৰিছিল। ভাৰতে আপত্তি প্ৰকাশ কৰি এই অভিযোগ অস্বীকাৰ কৰিছিল। আনকি ভাৰতে কানাডাৰ নাগৰিকৰ ভিছা সেৱাও বন্ধ কৰি দিছিল, যিটো প্ৰায় এমাহৰ পাছত পুনৰ আৰম্ভ কৰা হৈছিল।

লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে উজান উঠিছে ঐশ্বৰ্যৰ! কৰ্ণাটকত ৫ কোটি নগদ ধন আৰু ১০৬কেজি অলংকাৰ জব্দ

তদুপৰি, পাকিস্তানৰ বিদেশী হস্তক্ষেপৰ কথাও চিএছআইএছৰ নথি-পত্ৰত উল্লেখ কৰা হৈছে।ইয়াত কোৱা হৈছে যে পাকিস্তানেও মূলতঃ পাকিস্তানত ৰাজনৈতিক, নিৰাপত্তা আৰু অৰ্থনৈতিক স্থিতিশীলতা বৃদ্ধিৰ বাবে আৰু ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বজনীন প্ৰভাৱ প্ৰতিহত কৰিবলৈ বিদেশী হস্তক্ষেপ গ্ৰহণ কৰিছিল।

চিবিচি নিউজৰ এক প্ৰতিবেদন অনুসৰি ২০১৯ আৰু ২০২১ চনৰ নিৰ্বাচনত পাকিস্তানৰ বিদেশী হস্তক্ষেপ সীমিত আছিল বুলি নথি-পত্ৰত উল্লেখ আছে। ইয়াত উল্লেখ কৰা হৈছে যে কানাডা চৰকাৰে যোৱা ফেডাৰেল নিৰ্বাচনৰ পূৰ্বে ‘পাকিস্তান চৰকাৰৰ পৰা বিদেশী হস্তক্ষেপৰ ভাবুকি হ্ৰাস কৰিবলৈ’ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল।

লগতে পঢ়কঃ সূৰ্যগ্ৰহণক লৈ বিভ্ৰান্তি! সোমবাৰে কেতিয়া হ’ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ? ভাৰতত দেখা পোৱা যাবনে?

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই অভিযোগ খণ্ডন কৰি কয় যে আমি কানাডাৰ আয়োগৰ তদন্তৰ বিষয়ে সংবাদ মাধ্যমৰ বাতৰি দেখিছোঁ। কানাডাৰ নিৰ্বাচনত ভাৰতৰ হস্তক্ষেপৰ সকলো ভিত্তিহীন অভিযোগ আমি তীব্ৰভাৱে নাকচ কৰোঁ। লগতে তেওঁ কয় যে আন দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাটো ভাৰত চৰকাৰৰ নীতি নহয়।