NORTHEAST NOW (Assamese)

থাইলেণ্ডৰ কোম্পানীক গাহৰিৰ ব্যৱসায় গতাই দিয়াৰ সিদ্ধান্ত বাতিল কৰকঃ ডিৱাইএফআই

January 29, 2025 6:06 pm · এন ই নাও নিউজ, গুৱাহাটী

“এডভাণ্টেজ আছাম-২.০” নামত ৰাজ্যখনৰ প্ৰায় ১০ লাখ গাহৰি পালকৰ জীৱনলৈ বিপৰ্য নমাই আনি থাইলেণ্ডৰ ছাৰোৱেন প’কফাণ্ড ফুডছ্ চমুকৈ চি পি এফ-ক গাহৰি ব্যৱসায় গতাই দিব ওলোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি-অগপ মিত্ৰ-জোঁ‌ট চৰকাৰে ৰাজ্যখনৰ গাহৰি পালকসকলক ভাতে মৰাৰ ষড়যন্ত্ৰৰে বিদেশী কোম্পানীটোক সমগ্ৰ ব্যৱসায়টো গতাই দিবলৈ বুজাবুজিত উপনিত হৈছে। এয়া গাহৰি পালকসকলৰ লগতে ৰাজ্যখনৰ স্বাৰ্থৰ পৰিপন্থী। অচৰিত কথা যে বিষয়টোক লৈ ৰাজ্যখনত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ মিছা কথাৰে ৰাজ্যবাসীক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। উল্লেখ কৰিব পাৰি যে মুখ্যমন্ত্ৰীয়ে নিজেই “এক্স হেণ্ডেল” যোগে থাইলেণ্ডৰ কোম্পানীৰ লগত হোৱা বুজাবুজিৰ কথা ৰাজহুৱা কৰিছিল।  এতিয়া পৰিস্থিতিৰ হেঁ‌চাত তেওঁ‌ মিছা মাতিবলৈ আৰম্ভ কৰিছে। ডি ৱাই এফ আইয়ে মুখ্যমন্ত্ৰীৰ এই দুতলীয়া স্থিতিক তীব্ৰ প্ৰতিবাদ কৰিছে। কৰ্মসংস্থানৰ ভয়ংকৰ সংকটে দেখা দিয়াৰ সময়তে স্বনিয়োজনৰ পথ বাচি লোৱা ৰাজ্যৰ দহ লক্ষাধিক গাহৰি পালকক বিপদৰ মাজলৈ ঠেলি দিব বিচৰাটো মুখ্যমন্ত্ৰী আৰু তেওঁ‌ৰ চৰকাৰৰ এক আত্মঘাটি সিদ্ধান্ত বুলিয়ে বিবেচিত হৈছে। এই সিদ্ধান্ত বাতিল কৰি স্থানীয় গাহৰি পালকক সুৰক্ষা দিবলৈ দাবী জনাইছোঁ‌।

Related News