গুৱাহাটী আৰ্টিষ্টছ গীল্ডত ‘কেণ্ডিড ক্লিকছ’ৰ আলোকচিত্ৰৰ ’নিঃশব্দ জাগৰণ’

67495203_2280640355360991_7853942119914799104_n

প্ৰদৰ্শনীত চকু ফুৰাইছে বিশিষ্ট অতিথিসকলে। ফটো : নৰ্থইষ্ট নাও

গুৱাহাটী আৰ্টিষ্টছ গীল্ডত ৰাজ্যখনৰ একাংশ আলোকচিত্ৰৰ উৎসাহী পৰ্যটকৰ এখনি চিত্তাকৰ্ষক প্ৰদৰ্শনী শনিবাৰে আৰম্ভ হৈছে। ‘কেণ্ডিড ক্লিকছ’ নামৰ ছচিয়েল মিডিয়াত সুপৰিচিত গ্ৰুপটোৱে আয়োজন কৰা তেওঁলোকৰ পঞ্চম বাৰ্ষিকী প্ৰদৰ্শনীখন বিয়লি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক চাৰুকমল হাজৰিকাই। অহা ১ আগষ্টলৈকে প্ৰদৰ্শনীখন চলিব।

আলোকচিত্ৰ প্ৰদৰ্শনীখনৰ প্ৰাৰম্ভতে অনুষ্ঠিত হোৱা উদ্বোধনী সভাখনত সভাপতিত্ব কৰে কেণ্ডিড ক্লিকছৰ এগৰাকী বৰ্ষীয়ান আলোকচিত্ৰ শিল্পী সঞ্জীৱ কুমাৰ গোঁহাই বৰুৱাই। সভাত সন্মানিত অতিথি হিচাপে উপস্থিত থাকে ‘দৈনিক অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক মুনীন বায়ন।

সভাত উদ্বোধক হাজৰিকাই আলোকচিত্ৰ সন্দৰ্ভত তেওঁৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ এক সৰস কাহিনী উল্লেখ কৰি কয় যে হাতত উপলব্ধ কাৰিকৰী আহিলাকে সমল কৰি আগবাঢ়িলেও সফলতা লাভ কৰিব। ইয়াৰ বাবে ‘আহিলাৰ অভাৱ’ কোনো বাধা হ’ব নোৱাৰে।

সন্মানীয় অতিথি বায়নে আলোকচিত্ৰৰ জৰিয়তে এটা ইতিবাচক পৰিৱেশ সৃষ্টি কৰা কেণ্ডিড ক্লিকছৰ ভূমিকাৰ কথা উল্লেখ কৰি ইয়াৰ এতিয়ালৈকে ৫,০০০ সদস্য হোৱাৰ কথাটোত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কেণ্ডিড ক্লিকছে ছচিয়েল মিডিয়াৰ জৰিয়তে আলোকচিত্ৰৰ মাধ্যমেৰে সমাজত ‘নিশব্দ জাগৰণ’ৰ সৃষ্টি কৰিছে।

অনুষ্ঠানটোত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি এগৰাকী আলোকচিত্ৰ শিল্পী তথা অসমৰ প্ৰয়াত বিশিষ্ট আলোকচিত্ৰশিল্পী জয়ন্ত দত্তৰ সহধৰ্মিনী লীলা দত্তই অসমত আলোকচিত্ৰৰ উত্থান পতনৰ দিশটো সম্পৰ্কে তেওঁৰ অভিজ্ঞতাৰ ছাঁ-পোহৰত এক ৰূপৰেখা দাঙি ধৰে।

কেণ্ডিড ক্লিকছৰ আয়োজকৰ সৈতে বিশিষ্ট অতিথিসকল। ফটো : নৰ্থইষ্ট নাও

উদ্বোধনী সভাৰ সভাপতি সঞ্জীৱ কুমাৰ গোহাঁই বৰুৱাই কেমেৰাক উৎকৃষ্ট বন্ধু বুলি অভিহিত কৰে আৰু বৰ্তমান ব্যস্তাপূৰ্ণ জীৱন যাত্ৰাৰ সময়তো কেমেৰাই ভাল সংগ দিব পাৰে বুলি ব্যক্ত কৰে।

উল্লেখযোগ্য যে ২০১৪ চনত ৰাজ্যখনৰ এগৰাকী অত্যুৎসাহী আলোক চিত্ৰ শিল্পী দেৱাশীষ বৰুৱাই ফেচবুকৰ জৰিয়তে আৰম্ভ কৰা আলোক চিত্ৰৰ এক অভিনৱ শিল্পৰ সন্ধানে সম্প্ৰতি কেণ্ডিড ক্লিকছৰ জৰিয়তে জাগৰণৰ সৃষ্টি কৰিছে।

প্ৰদৰ্শনীখন উপভোগ কৰি উপস্থিত দৰ্শকসকলে আলোকচিত্ৰসমূহৰ প্ৰশংসা কৰাৰ লগতে এনে ধৰণৰ প্ৰয়াসৰ শলাগ লয়। বহুকেইগৰাকী নবীন আলোকচিত্ৰ শিল্পীয়ে প্ৰথমবাৰৰ বাবে এইবাৰ প্ৰদৰ্শনীত আলোকচিত্ৰ প্ৰদৰ্শন কৰিছে। বহুবৰ্ণী আলোকচিত্ৰসমূহে জীৱনৰ এক সৰস অভিব্যক্তি দাঙি ধৰিছে।

প্ৰদৰ্শনীত কেইখনমান অতি উচ্চমানৰ আলোকচিত্ৰ প্ৰদৰ্শিত হৈছে। কেৱল বিষয়বস্তুৱে নহয়, কাৰিকৰী দিশৰ লগতে ইয়াৰ কম্পোজিশ্যনেও দৰ্শকক আকৰ্ষণ কৰিব। আলোকচিত্ৰসমূহ প্ৰকৃতিৰ নিৰ্ভাৰ প্ৰতিৰূপ হোৱাৰ বিপৰীতে কিছুমানত জীৱন সংগ্ৰামৰ নান্দনিক মুহূৰ্ত প্ৰতিফলিত হৈছে।

আগন্তুক দিনত কেণ্ডিড ক্লিক্ছৰ পৰা আৰু অধিক গতিশীল, জীৱনমুখী তথা বাস্তৱায়নুগ আলোকচিত্ৰ আশা কৰিব পৰা যায়।