কনিষ্টবল-ছাব অফিচাৰ-ফায়াৰমেনৰ PST/PET পৰীক্ষাৰ সূচী প্ৰকাশ ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডৰ

Assam-Police-1200x675-750x375

Admit Cards for PST/ PET Exam অসম ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডে জাৰি কৰা এক বিশেষ জাননীত এপিআৰঅ’ৰ কনিষ্টবল, ছাব অফিচাৰ তথা কনিষ্টবল, গাৰ্ডমেনৰ পিএছটি/পিইটি পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে।

যোৱা ২০২০ৰ ১৮ ফেব্ৰুৱাৰীত বিজ্ঞাপন যোগে এপিআৰঅ’ৰ কনিষ্টবল, ছাব অফিচাৰ, অগ্নিনিৰ্বাপক বাহিনীৰ খালী পদ পূৰণৰ বাবে আৰু সেইদৰে ৮ জুন, ২০২০ত কনিষ্টবল, গাৰ্ডমেনৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল।

জাননীত পিএছটি/পিইটি পৰীক্ষাৰ তাৰিখ জিলা ভিত্তিত ঘোষণা কৰা হৈছে।

প্ৰাৰ্থীসকলে ১২ অক্টোবৰৰ পৰা পিএছটি/পিইটি পৰীক্ষাৰ বাবে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব।

প্ৰাৰ্থীসকলে এছএলপিআৰবি ৱেবছাইট www.slprbassam.in ত গৈ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব।

প্ৰয়োজন হ’লে প্ৰাৰ্থীসকলে হেল্পলাইন নং-8826762317 ত যোগাযোগ কৰিব পাৰে।

জাননী অনুসৰি বিভিন্ন জিলাত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ সূচী এনেধৰণৰ:-

২৫ অক্টোবৰত গোলাঘাটত, ২ নবেম্বৰত মাজুলী, ৫ নবেম্বৰত বঙাইগাঁৱত, ৮ নবেম্বৰত কাচাৰ, ৮ নবেম্বৰত গোৱালপাৰা, উক্ত তাৰিখতে কোকৰাঝাৰত, ১২ নবেম্বৰত ডিব্ৰুগড়-হাইলাকান্দি-নলবাৰীত, ১৭ নবেম্বৰত যোৰহাটত, ২০ নবেম্বৰত কামৰূপ মেট্ৰ’-কৰিমগঞ্জ-লখিমপুৰত, ২২ নবেম্বৰত লখিমপুৰ-বৰপেটা-নগাঁও-দক্ষিণ শালমাৰা-ওদালগুৰিত, ২৫ নবেম্বৰত কাৰ্বি আংলঙত, ২৭ নবেম্বৰত কামৰূপ গ্ৰাম্যত, ২৯ নবেম্বৰত ধেমাজি-শোণিতপুৰ-তিনিচুকীয়াত, ৩ ডিচেম্বৰত বাক্সা-ধুবুৰী-ডিমাহাচাওত, ৬ ডিচেম্বৰত চৰাইদেউ-পশ্চিম কাৰ্বিআংলংত, ৭ ডিচেম্বৰত মৰিগাঁৱত, ৯ ডিচেম্বৰত বিশ্বনাথত- ১৩ ডিচেম্বৰত চিৰাং আৰু শিৱসাগৰত, ১৭ ডিচেম্বৰত হোজাইত আৰু ২০ ডিচেম্বৰত দৰঙত।

প্ৰাৰ্থীসকলে ৱেবছাইটত গৈ এই বিষয়ত আৰু সৱিশেষ তথ্য বিচাৰিব পাৰে।