• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ বাবে সংৰক্ষিত পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ আৱেদন!

দ্ৰুত হস্তক্ষেপ বিচাৰি ৰাজ্যৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2023 6:28 pm
Assam job
554
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা পৰিচয়ৰে বহিঃৰাজ্যৰ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে আৱেদন কৰি লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল পৰীক্ষাৰ বাবে বাচনিকৃত হোৱা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে; সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

এই বিতৰ্কৰ মাজতে বিষয়টোৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি আজি ৰাজ্যৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে।

মেইলযোগে প্ৰেৰণ কৰা পত্ৰখনত কোৱা হয় যে, কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ অন্তৰ্গত বি এছ এফ, চি আৰ পি এফ, এছ এছ বি, চি আই এছ এফ, আছাম ৰাইফলছ, এছ এছ এফ, এন চি বি আদি বিভাগৰ বিভিন্ন পদৰ বাবে এছ এছ চি (ষ্টাফ চিলেকচন কমিছন)- এ সমগ্ৰ দেশতে পৰীক্ষা অনুষ্ঠিত কৰিছে।

“এই ক্ষেত্ৰত অসমৰ বাবে সংৰক্ষিত পদৰ সংখ্য হৈছে ৩,৪৮৭ টা। বাতৰি কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি এই সংৰক্ষিত পদত ভূৱা পৰিচয় পত্ৰ আৰু ভূৱা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দি বহিঃৰাজ্যৰ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে আৱেদন কৰিছে।”– পত্ৰখনত লগতে উল্লেখ কৰা হৈছে।

ইয়াৰ ফলত অসমৰ বহু প্ৰাৰ্থী বঞ্চিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ডি ৱাই এফ আই- এ দাবী কৰিছে। কেৱল বঞ্চিত হোৱাই নহয়, বহিঃৰাজ্যৰ প্ৰাৰ্থী আৰু থলুৱা প্ৰাৰ্থীৰ মাজত ইয়াৰ ফলত সংঘাত হোৱাৰো সম্ভাৱনা আছে বুলি আশংকা প্ৰকাশ কৰে দাসে।

“ইতিমধ্যে দেখা গৈছে যে শোণিতপুৰ জিলাত উত্তৰ প্ৰদেশৰ তিনিজন ভূৱা প্ৰাৰ্থীক আৰক্ষীয়ে আটক কৰিছে। যোৰহাট জিলাতো তিনিজনক আটক কৰিছে। এয়া খুবেই উদ্বেগ আৰু চিন্তাৰ বিষয়।”– তেওঁ লগতে কয়।

ৰিতু ৰঞ্জন দাসে লগতে স্থানীয় প্ৰাৰ্থীৰ অভিযোগৰ ভিত্তিতহে উক্ত প্ৰাৰ্থীসকলক আৰক্ষীয়ে আটক কৰিছে তথা আজি দুই তিনিদিন ধৰি এই বিষয়ত বাতৰি প্ৰকাশ হৈছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে।

ডি ৱাই এফ আই-ৰ নেতাগৰাকীৰ মতে, অসমৰ কোটাত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে আৱেদন কৰি মেডিকেল পৰীক্ষালৈ বাচনিকৃত হ’ব পৰাটো এক ডাঙৰ প্ৰশাসনিক ব্যৰ্থতাৰ বিষয়, য’ত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ ভবিষ্যত জড়িত হৈ আছে। আৰু সেয়ে প্ৰশাসনে সঠিক পদক্ষেপ গ্ৰহণ কৰি কঠোৰ ব্যৱস্থা লোৱা প্ৰয়োজন।

অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ কেবেকৈ উলিয়াব পাৰিলে সেই বিষয়েও নজৰ দিয়া প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ লগতে কোনো কাৰণতে যাতে অসমৰ সংৰক্ষিত পদৰ এটাও পদ বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে ল’ব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভবিষ্যতৰ বাবে এই ক্ষেত্ৰত প্ৰশাসন অধিক তৎপৰ হোৱা প্ৰয়োজন বুলি পত্ৰখনত উল্লেখ কৰে।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd