উপ নিৰ্বাচন : জনিয়াত ভৰিৰ তলৰ মাটি বিচাৰি পোৱা নাই তিনিওটা মূল ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে

Jonia Election

জনিয়াৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী ক্ৰমে এআইয়ুডিএফৰ হাফিজ ৰফিকুল ইছলাম, বিজেপিৰ তৌফিকুৰ ৰহমান আৰু কংগ্ৰেছৰ ছামছুল হক।

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ দিন প্ৰায় চমু চাপি আহিছে। ৰাতাবাৰী, জনিয়া, ৰঙাপাৰা আৰু সোণাৰি এই চাৰিওটা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি হাইভল্টেজ নিৰ্বাচন যুঁজখন হ’ব জনিয়া সমষ্টিত।

কিয়নো জনিয়া সমষ্টিত কংগ্ৰেছ, বিজেপি এআইয়ুডিএফ, এন পি পি তথা অন্য ৰাজনৈতিক দলকে ধৰি নিৰ্দলীয় প্ৰাৰ্থী মিলাই মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

তথাপি গণভিত্তি থকা ৰাজনৈতিক দল বুলি ক’লে সমষ্টিটোত কংগ্ৰেছ, এআইয়ুডিএফ আৰু বিজেপিয়েই প্ৰধান।

তিনিওটা দলৰে প্ৰাৰ্থী ক্ৰমে চামচুল হক(কংগ্ৰেছ), তৌফিকুৰ ৰহমান(বিজেপি) আৰু হাফিজ ৰফিকুল ইছলাম(এআইয়ুডিএফ) এ বিভিন্ন প্ৰকাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে।

তথাপি যেন, ক’ৰবাত নহয় ক’ৰবাত নিজৰ ভৰিৰ তলৰ মাটি বিচাৰি ফুৰিবলগীয়া হৈছে তিনিও প্ৰাৰ্থীয়ে।

তিনিওগৰাকী হাইভল্টেজ প্ৰাৰ্থীৰ ভিতৰত ৰফিকুল ইছলামৰহে পূৰ্বে বিধানসভা নিৰ্বাচন খেলা তথা বিধায়ক হোৱাৰ অভিজ্ঞতা আছে।

২০১৬ চনত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক আব্দুল খালেকৰ হাতত প্ৰায় ৩০ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল ৰফিকুল ইছলাম।

এক সুত্ৰৰ পৰা জানিব পৰা মতে, তেওঁ ২০১১ চনত প্ৰথমবাৰলৈ জনিয়া সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল যদিও সমষ্টিটোৰ কোনোধৰণৰ উন্নয়ন কৰিব নোৱাৰিলে তথা তেওঁৰ বিৰুদ্ধে বহু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল।

সেয়েহে বিগত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী খালেকৰ হাতত ইছলাম প্ৰায় ৩০ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল।

আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী চামচুল হকৰ পূৰ্বে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কোনো অভিজ্ঞতা নাই। জনিয়াৰ জিলা পৰিষদৰ উপ সভাপতি চামচুল হক প্ৰাৰ্থী একেবাৰে নতুন মুখ বুলি ক’লেও বঢ়াই কোৱা নহ’ব।

এক সুত্ৰই কৰা দাবী মতে, সমষ্টিটোৰ তৃণমূল পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীৰ বাবে তেওঁ এখন অচিনাকি মুখ। তেনেক্ষেত্ৰত দেশজুৰি চলি থকা কংগ্ৰেছৰ বিপৰ্যয়ৰ মাজত তেওঁ কিদৰে ভোটাৰ ৰাইজক আকৃষ্ট কৰিব সেয়া সময়ত লক্ষণীয় হ’ব।

ইপিনে, সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানো বিধানসভাত প্ৰাৰ্থিত্ব আগবঢ়োৱা এখন নতুন মুখ। তদুপৰি, তেওঁ জনিয়াৰ স্থায়ী বাসিন্দা নহয় তথা সাধাৰণ ভোটাৰ ৰাইজৰ সৈতে যোগসূত্ৰ একেবাৰে নাই। সেই দিশৰ পৰা চাবলৈ গ’লে তেওঁ সাধাৰণ ভোটাৰৰ কাষ চপাটো সহজ নহ’ব।

তদুপৰি, জনিয়া সমষ্টিটো সংখ্যালঘু অধ্যুষিত গতিকে, বিজেপি দলৰ প্ৰতি থকা শংকাক আস্থালৈ পৰিৱৰ্তিত কৰাত তৌফিকুৰ ৰহমানৰ বাবে কিমানদূৰ সম্ভৱপৰ হৈ উঠিব সেয়া লক্ষণীয় হৈ পৰিছে।

আনহাতে, জনিয়া সমষ্টিটোৰ প্ৰাৰ্থীসকলৰ ভিতৰত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আব্দুল জলিল তালুকদাৰৰ সমষ্টিটোত ভালেখিনি জন-সমৰ্থন আছে। পূৰ্বেও তেওঁ বহুবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ২০-৩০ হাজাৰ ভোট লৈ হাইভল্টেজ প্ৰাৰ্থীৰ জয়তো হেঙাৰ হিচাপে থিয় দিছিল।

তিনিওগৰাকী প্ৰাৰ্থী বা তেওঁলোকৰ সমৰ্থকসকলে বিভিন্ন পন্থাৰে সাধাৰণ ৰাইজৰ মাজলৈ যোৱাৰ চেষ্টা কৰিছে যদিও অহা ২১ অক্টোবৰত ইভিএমত বন্দী হ’ব প্ৰাৰ্থীসকলৰ প্ৰতি ভোটাৰ ৰাইজৰ সমৰ্থনৰ অংক।