বঙাইগাঁৱত আৰক্ষীৰ অভিযান, গাঞ্জাসহ এজনক আটক

ganja

বঙাইগাঁও আৰক্ষীয়ে শনিবাৰে সন্ধিয়া চৌৰাগুৰিত অবৈধ গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায়৷

বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে সন্ধিয়া ৬:৩০ মান বজাত চৌৰাগুৰিৰ যোগেন বিশ্বাস নামৰ ব্যক্তি এজনৰ চাহৰ দোকান তথা গৃহত চলোৱা অভিযানত এক কিলোগ্ৰামতকৈয়ো অধিক পৰিমাণৰ অবৈধ গাঞ্জা জব্দ কৰিবলৈ হয় ৷

যোগেন বিশ্বাসে চাহৰ দোকানৰ পৰাই দীৰ্ঘদিন ধৰি অবৈধ গাঞ্জাৰ বেহা চলাই আহিছিল ৷
আৰক্ষীয়ে পিছত গাঞ্জাসহ যোগেন বিশ্বাস(৪২) ক আটক কৰি বঙাইগাঁও থানালৈ আনে ৷

বঙাইগাঁও আৰক্ষীয়ে গেৰুকাবাৰী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত এই অভিযান চলায় ৷

আৰক্ষীয়ে সম্প্ৰতি ধৃত যোগেন বিশ্বাসক সোধ- পোছ অব্যাহত ৰাখিছে ৷

উল্লেখ্য বঙাইগাঁও আৰক্ষীয়ে শেহতীয়াকৈ অবৈধ বাৰ্মিজ চুপাৰি , ড্ৰাগছ , গাঞ্জাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷