কলিয়াবৰৰ উলুৱনি আৰক্ষীৰ কব্জাত ৩ গাড়ী চোৰ

অসমত সঘনাই গাড়ী চুৰি, ডকাইতি আদি সংঘটিত হৈ থকাৰ মাজতে মঙলবাৰে চুলুং আৰু উলুৱনি আৰক্ষীয়ে অভিযান চলাই  গ্ৰেপ্তাৰ কৰা ৩জন দুৰ্ধৰ্ষ গাড়ী চোৰক বুধবাৰে জে’ললৈ প্ৰেৰণ কৰে কলিয়াবৰৰ আদালতে।

গাড়ী চোৰ কেইজন হৈছে গৰৈমাৰিৰ মফিদুল ইছলাম (৩৫ বছৰ) আৰু টাইজুল ইছলাম (২০ বছৰ) আৰু পশ্চিম মোৱামাৰিৰ আশাদুল ইছলাম (১৮ বছৰ)।

জানিব পৰা মতে যোৱা ২০ আগষ্টৰ নিশা গহপুৰত এয়াৰটেল টাৱাৰত তেল যোগান ধৰি কলিয়াবৰৰ বৰভগীয়াৰ বাস গৃহলৈ আহি থকা টংকেশ্বৰ দাস,বসন্ত দাস আৰু উমৰ ফাৰুকক AS-12BC-0531 নম্বৰৰ বলেৰ’ পিক আপ ভানসহ নিশা ১.৩০ মান বজাত কলিয়াবৰৰ গৰৈমাৰিত ইন্ডিকা আৰু বলেৰো গাড়ীত অহা ৮ /১০ জনীয়া দুৰ্বৃত্তৰ দল এটাই উঠাই নিছিল।

পিক আপ গাড়ীখনৰ লগতে যুৱক ৩জনৰ হাতৰ ধন কাঢ়ি নি তেওঁলোকক বৰঘুলিৰ বিলৰ মাজত পেলাই থৈ গৈছিল।

চুলুং আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি এই বিষয়ে তদন্ত চলাইছিল।