NORTHEAST NOW (Assamese)

অসাৱধানতা! এটা ভুৱা ফোনকলৰ বাবেই ২০ কোটি টকা হেৰুৱালে ভাৰতীয় মহিলাই…

March 22, 2025 8:37 am · এন ই নাও নিউজ, গুৱাহাটী

পূৰ্বতকৈ দেশত অনলাইন কেলেংকাৰী অধিক বৃদ্ধি পাইছে অনলাইন মাধ্যমত কেইবাটাও ঘটনাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতো কেইবাজনো লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে। এতিয়া শেহতীয়া এটা ঘটনাত দক্ষিণ মুম্বাইৰ এগৰাকী ৮৬ বছৰীয়া মহিলাই নিজৰ সঞ্চয়ৰ ২০ কোটিৰো অধিক টকা হেৰুৱালে।

মহিলাগৰাকীয়ে নিজকে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ বিষয়া বুলি দাবী কৰা দুষ্ট চক্ৰৰ পৰা ফোন কল পোৱাৰ পৰাই এই ঘটনা সংঘটিত হয়।  

প্ৰৱঞ্চকজনে তেওঁক সহযোগ নকৰিলে “ডিজিটেল গ্ৰেপ্তাৰ” আৰু পৰিয়ালৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণকে ধৰি ভয়াৱহ পৰিণতিৰ ভাবুকি দিয়ে। এই হেঁচাত মহিলাগৰাকীক ঘৰতে আৱদ্ধ হৈ থাকিবলৈ আৰু কাৰো লগত বিষয়টো আলোচনা নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পাছৰ দুমাহ ধৰি প্ৰৱঞ্চকসকলে কেইঘণ্টামানৰ মূৰে মূৰে ফোন কৰি মহিলাগৰাকীৰ স্থান পৰীক্ষা কৰিছিল

দুমাহৰ ভিতৰত মহিলাগৰাকীয়ে কেলেংকাৰীকাৰীৰ নিয়ন্ত্ৰণত থকা বিভিন্ন বেংক একাউণ্টলৈ ২০ কোটিৰো অধিক টকা ট্ৰেন্সফাৰ কৰে।

মহিলাগৰাকীৰ ঘৰুৱা সহায়কে তেওঁৰ অস্বাভাৱিক আচৰণ লক্ষ্য কৰি কন্যাক সতৰ্ক কৰি দিয়াৰ লগে লগে এই প্ৰৱঞ্চনা পোহৰলৈ আহে। পৰিস্থিতিৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি কন্যাই আৰক্ষীৰ সৈতে যোগাযোগ কৰে আৰু লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। চাইবাৰ আৰক্ষীয়ে একাধিক বেংক একাউণ্টলৈ যোৱা ধনৰ প্ৰবাহৰ তথ্য লাভ কৰে। সফলতাৰে ৭৭ লাখ টকা ফ্ৰীজ কৰি সংশ্লিষ্ট একাউণ্টধাৰীক চিনাক্ত কৰে।

ইয়াৰে এজন অভিযুক্ত মালাডৰ ২০ বছৰীয়া সায়ন জমিল শইখক তেওঁৰ একাউণ্টত ৪.৯৯ লাখ টকাৰ সন্ধান পোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰে। অধিক জেৰাৰ ফলত মীৰা ৰোডৰ ৰাজিক আজান আৰু আন্ধেৰীৰ হৃতিক শেখৰ ঠাকুৰ নামৰ আৰু দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়।

Related News