NORTHEAST NOW (Assamese)

নৈশ কাৰ্ফিউৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান : তিনি চোৰে লুটিলে কেবাহাজাৰো নগদ ধন

May 27, 2021 11:34 am · মীনাক্ষী ফুকন

কোভিড-১৯ ভাইৰাছ প্ৰতিৰোধৰ অৰ্থে ৰাজ্যজুৰি অব্যাহত আছে কাৰ্ফিউ৷

দিনৰ ১১ বজাৰ পৰা বন্ধ হৈ অৰ্থনৈতিকভাৱেও কোঙা হৈ পৰিছে অধিকাংশ লোকে। বৃদ্ধি পাইছে চুৰি কাৰ্যৰ দৰে অপৰাধ।

তেনে সুযোগতে নিশা জনশূন্য হৈ পৰা গোলাঘাট নগৰৰ আৰক্ষীৰ তহলৰ সমানেই চোৰেও চলিছে তহল৷

বুধবাৰে নিশা গোলাঘাটৰ তপন নগৰৰ জয় প্ৰকাশ গুপ্তাৰ দোকানত চোৰে চলালে চাফাই অভিযান৷

পিছে দোকানত থকা গেলামাল অথবা অন্যান্য সামগ্ৰীত চোৰে হাত নিদি সামগ্ৰীসমূহ লণ্ড-ভণ্ড কৰি চোৰৰ চকু পৰে কেছ বক্সত৷

পৃথকে পৃথকে ৰখা কেছ বক্সৰ পৰাই প্ৰায় ৪৫ হাজাৰ টকা চুৰি কৰি নিয়ে চোৰে৷

পুৱা দোকানৰ গৰাকীয়ে দোকান খুলিবলৈ আহি প্ৰত্যক্ষ কৰি খবৰ দিয়ে গোলাঘাট আৰক্ষীক৷

ইফালে দোকানৰ সমীপৰ চিচিটিভি ফুটেজত তিনিজন চোৰ দেখা গৈছে।

উক্ত ফুটেজৰ পম খেদি গোলাঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related News