• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উলংগ কৰি যুৱতীক বৰ্বৰভাৱে যৌন অত্যাচাৰ মহিলাসহ পাঁচ কালপ্ৰিটৰ; নিৰ্যাতিতা উত্তৰ-পূৰ্বৰ বুলি সন্দেহ

আৰক্ষীয়ে অপৰাধীসকলৰ পৰিচয় উদ্ধাৰ কৰি কৰয়াত্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে; দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
May 29, 2021 4:17 pm
New-Project-1-25-750x375
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি জঘন্য আৰু পাশৱিকতাৰে শাৰীৰিক আৰু যৌন অত্যাচাৰ কৰা হৈছে এগৰাকী যুৱতীক।

উত্তৰ পূৱৰ বুলি ধাৰণা কৰা এগৰাকী যুৱতীক এটা বন্ধ কোঠাত আৱদ্ধ কৰি এগৰাকী মহিলাসহ পাঁচজন লোকে অতি বৰ্বৰভাৱে শাৰীৰিক অত্যাচাৰ কৰা এক ভিডিঅ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Apply Now

যুৱতীগৰাকীক দলৱদ্ধভাৱে প্ৰহাৰ কৰাৰ লগতে সম্পূৰ্ণৰূপে উলংগ কৰি গুপ্তাংগত বটল আৰু ভৰিৰ বুঢ়া আঙুলি প্ৰৱেশ কৰাৰ উপৰিও ভৰিৰে গুৰিয়াই বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছে। সন্দেহ কৰা হৈছে এইদৰে আক্ৰমণ কৰাৰ পিছত যুৱতীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰাও হৈছে।

এই নাৰকীয় তথা বৰ্বৰ ঘটনাটোৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে সামাজিক মাধ্যমত অসংখ্য লোকে ঘটনাটোৰ নিন্দা কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে।

কঠোৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন হ’লেও ঘটনাটোৰ প্ৰকৃত উৎস আৰু আক্ৰমণকাৰীসকলক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন।

প্ৰথমাৱস্থাত ভিডিঅ’টো ৰাজস্থানৰ যোধপুৰৰ বুলি ভবা হৈছিল যদিও কেন্দ্ৰীয় মন্ত্ৰী কীৰেন ৰিজিজু আৰু যোধপুৰৰ আৰক্ষীয়ে ঘটনাটো যোধপুৰৰ নহয় বুলি স্পষ্ট কৰি দিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে যোধপুৰত ধৰ্ষণৰ বলি হোৱা ল’ভিকলি চুমি নামৰ এগৰাকী নগা যুৱতীয়ে আত্মহত্যা কৰিছিল।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে নাগালেণ্ড এক্সপ্ৰেছ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে উক্ত ঘটনাটো নাগালেণ্ডৰ উক্ত যুৱতীগৰাকী নহয় বুলি প্ৰকাশ কৰিছে।

ইফালে দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবীন হিবুৱে কয় যে কালপ্ৰিটসকলৰ লগতে নিৰ্যাতিতাক চিনাক্ত কৰিবলৈ দিল্লী আৰক্ষীয়ে ভিডিঅ’টো পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে।

“আমি দোষীসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছো।” দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত ৰবীন হিবুৱে কয়।

“পৰৱৰ্তী ব্যৱস্থা ল’বলৈ আমি যুৱতীগৰাকীৰো পৰিচয় উদ্ধাৰৰ চেষ্টা কৰি আছো। ভিডিঅ’টো যোধপুৰত আত্মহত্যা কৰা নগা যুৱতী ল’ভিকালি চুমিৰ নহয়। আত্মহত্যা কৰা যুৱতীগৰাকীৰ ভগ্নী আৰু আৰক্ষীয়ে ভিডিঅ’টো পৰীক্ষা কৰি সেয়া নিশ্চিত কৰিছে। মই ব্যক্তিগতভাৱে যোধপুৰৰ ডিচিপৰ সৈতেও কথা পতিছিলো।” ৰবীন হিবুৱে সংবাদ মাধ্যমৰ আগত কয়।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী কীৰেন ৰিজিজুৱে সামাজিক মাধ্যমত কয়, “এগৰাকী মহিলা আৰু চাৰিগৰাকী লোকে বৰ্বৰতাৰে ধৰ্ষণ আৰু অত্যাচাৰ কৰা উত্তৰ পূৰ্ৱৰ এই যুৱতীগৰাকী যোধপুৰৰ ঘটনাটোৰ নহয়। মই যোধপুৰ ঘটনাৰ সন্দৰ্ভত যোধপুৰৰ আৰক্ষী আয়ুক্তৰ সৈতে বিশদভাৱে কথা পাতিছিলো। অৱশ্যে দোষীসকলক কৰায়ত্ত কৰিবলৈ সকলো ৰাজ্যৰ আৰক্ষীয়ে চেষ্টা চলাব লাগিব।”

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে অসম আৰক্ষীয়েও আক্ৰমণকাৰীসকলৰ ফ’টো আপলোড কৰি কৰায়ত্ত কৰাৰ ক্ষেত্ৰত চ’ছিয়েল মিডিয়াৰ যোগে জনসাধাৰণ সহযোগিতা বিচাৰিছে।

“এই অপৰাধ আৰু অপৰাধীসকলৰ সম্পৰ্কীয় যিকোনো তথ্য লাভ কৰা সকলো ব্যক্তিয়ে অনুগ্ৰহ কৰি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। তেওঁলোকক আকৰ্ষণীয় পুৰস্কাৰ দিয়া হ’ব।” অসম আৰক্ষীয়ে অফিচিয়েল টুইটাৰত কয়।

“ঘটনাটো ক’ত সংঘটিত হৈছে আমি স্পষ্ট নহয়, অসমত সংঘটিত নহ’বও পাৰে। আমি অতি সক্ৰিয়তাৰে অপৰাধীসকলক বিচাৰি উলিয়াবলৈ আগবাঢ়িছো।” আসম আৰক্ষীয়ে লগতে আৰু কয়।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd