NORTHEAST NOW (Assamese)

গৱেষণাত প্ৰকাশ মেকুৰীও হ’ব পাৰে ক’ৰ’নাত আক্ৰান্ত; বিশ্ব স্বাস্থ্য সংস্থাই কৰিব সঠিক অনুসন্ধান

April 9, 2020 2:12 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বুধবাৰে এখন বিশেষ গৱেষণা পত্ৰত মেকুৰীও ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে বুলি প্ৰকাশ পাইছে।

এইক্ষেত্ৰত কুকুৰ, গাহৰি, হাঁহ, কুকুৰা আদি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে কম বুলিও গৱেষণাত উল্লেখ কৰা হৈছে।

জানিব পৰা মতে, জাৰ্ণেল চায়েঞ্চত প্ৰকাশিত গৱেষণা পত্ৰখনত বিশ্ব স্বাস্থ্য সংস্থাক ক’ৰ’না ভাইৰাছ মানুহৰ পৰা জন্তুলৈ বিয়পিব পৰা সন্দৰ্ভত অনুসন্ধান কৰাৰ বাবে কোৱা হৈছে।

চীনৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানে কৰা গৱেষণা পত্ৰত বিভিন্ন প্ৰজাতিৰ জীৱ—ন্তুৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা সন্দৰ্ভত অধ্যয়ণ কৰা হয় যাতে ক’ৰ’নাৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে জীৱ-জন্তুৰ দেহত ইয়াক প্ৰয়োগ কৰি চাব পৰা যায়।

উল্লেখযোগ্য যে, অন্যান্য জীৱ-জন্তু সমূহ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ কোনোধৰণৰ শক্তিশালী ভিত্তি প্ৰকাশ পোৱা নাই যদিও কিছুমান তথ্যত মানুহৰ শৰীৰৰ পৰা জীৱ-জন্তুৰ শৰীৰলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে বুলি উল্লেখ কৰা হৈছিল।

অলপতে, আমেৰিকাৰ এখন চিৰিয়াখানত এটা বাঘ চিৰিয়াখানাত কৰ্মৰত সংক্ৰমিত কৰ্মীৰ দ্বাৰা ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল বুলি খবৰ প্ৰকাশ পাইছিল।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাই বুধবাৰে জীৱ-জন্তু ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ অধিক তথ্য সংগ্ৰহৰ বাবে কাম কৰি আছে বুলি জানিবলৈ দিয়ে।

Related News