প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন আলফা নেতা অৰূপ কোঁৱৰ ওৰফে অমৰ সিঙক। শুকুৰবাৰে নিশা গোলাঘাটৰ বগৰীজেঙৰ নিজ বাসগৃহৰ পৰা ৪ জনীয়া কেন্দ্ৰীয় অনুসন্ধানকাৰী দলে (চিবিআই) সিঙক গ্ৰেপ্তাৰ কৰে।
শুকুৰবাৰে কলকাতাৰ পৰা অহা চিবিআইৰ দলটোৱে জেৰাৰ অন্তত সিঙক গ্ৰেপ্তাৰ কৰি গুৱাহাটী লৈ আনে। অমৰ সিঙক আজি গুৱাহাটী বিশেষ আদালতত হাজিৰ কৰি চিবিআইয়ে নিজৰ জিম্মাত ল’ব।
উল্লেখ্য যে, ১৯৯৬ চনৰ ৬ মে’ত গোলাঘাটৰ শিঙিজানত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্ত নেওগৰ স্বামী নগেন নেওগৰ হত্যাকাণ্ডটো সংঘটিত হৈছিল। অমৰ সিং এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল।
প্ৰাক্তন আলফা অমৰ সিঙে হত্যাকাণ্ডৰ অভিযোগত ১০ বছৰ কাৰাবাসো খাটিছিল। অৱশ্যে ২০১৩ বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক দোষমুক্ত ঘোষণা কৰি মুকলি কৰি দিছিল।
লগতে পঢ়কঃ ১০ হাজাৰ কোটিৰ দুৰ্নীতিৰ অভিযোগ, কংগ্ৰেছৰ আক্ৰমণৰ সন্মুখীন মহাৰাষ্ট্ৰৰ মিত্ৰজোঁট চৰকাৰ
কিন্তু ২০১৫ চনত পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় নগেন নেওগৰ পৰিয়ালে। সেই অভিযোগৰ ভিত্তিতে প্ৰায় ১২ দিন পূৰ্বে অমৰ সিঙলৈ উচ্চতম ন্যায়ালয়ৰ পৰা চমন আহিছিল।
১৯৯৬ চনৰ ৬ মে’ৰ দিনা দিনটোৰ ব্যস্ত কাৰ্যসূচী সামৰি গোলাঘাটৰ ঘৰখনলৈ উভতি আহিছিল সেই সময়ৰ কংগ্ৰে চৰকাৰৰ সমবায় মন্ত্ৰী নগেন নেওগৰ কনভয়। মন্ত্ৰী নগেন নেওগৰ কনভয়ত আছিল ৬ খনকৈ বাহন। লগত আছিল চালকসহ ৬ জন নিৰাপত্তাৰক্ষী।
সন্ধিয়া নামি অহাৰ সময়ত মন্ত্ৰী নেওগৰ কনভয়টো ফৰকাটিং বালিজান চাৰিআলিৰ শিঙিজানৰ কাঠৰ দলং অতিক্ৰম কৰিবলৈ লওতেই তাত খাপ পিটি থকা আততায়ীয়ে চৌদিশৰ পৰা ভয়ংকৰ আক্ৰমণ চলায়। আক্ৰমণ চলাই আঁতৰি গৈছিল আততায়ীৰ দলটো। বাহনৰ ভিতৰত মন্ত্ৰী নগেন নেওগসহ ৭জনৰ নিথৰ দেহ পৰি ৰৈছিল। আক্ৰমণকাৰী দলটোৱে মন্ত্ৰীজনৰ নিৰাপত্তাৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰবোৰ কাঢ়ি লৈ গৈছিল।
উক্ত ঘটনাত জড়িত আছিল বিদ্ৰোহী সংগঠন আলফা। আক্ৰমণৰ আঁৰত আছিল সেই সময়ৰ গোলাঘাট জিলাৰ আলফা কমাণ্ডাৰ অৰূপ কোঁৱৰ ওৰফে টুটু ওৰফে অমৰ সিং। পৰৱৰ্তী সময়ত অমৰ সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল। চিবিআইয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত নিম্ন আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল৷
লগতে পঢ়কঃ সতৰ্ক ৰে’ল চালকৰ দ্বাৰা এজাক হাতীৰ প্ৰাণ ৰক্ষা; কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত ব্যৱস্থাই কৰিলে সহায়
পৰৱৰ্তী সময়ত ২০১৩ৰ ১৭ মে’ত উচ্চ ন্যায়ালয়ত চলা নগেন নেওগ হত্যাকাণ্ডৰ গোচৰত দোষমুক্ত ঘোষণা কৰা হৈছিল অমৰ সিঙক।
কিন্তু ২০১৫ চনত প্ৰয়াত মন্ত্ৰী নেওগৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত শুকুৰবাৰে চিবিআইয়ে অমৰ সিঙক গ্ৰেপ্তাৰ কৰে।