আইচিআইচিআই বেংক জালিয়াতিৰ গোচৰত ভিডিঅ’কনৰ অধ্যক্ষ বেণুগোপালক গ্ৰেপ্তাৰ চিবিআইৰ

ভিডিঅ'কন গ্ৰুপৰ অধ্যক্ষ বেনুগোপাল ধুত।

CBI arrests Videocon Group’s Venugopal Dhoot চিবিআইয়ে বেংক জালিয়াতিৰ গোচৰত ভিডিঅ’কনৰ অধ্যক্ষ বেণুগোপাল ধুতক গ্ৰেপ্তাৰ কৰিছে। বেণুগোপালৰ বিৰুদ্ধে আইচিআইচিআই বেংকৰ পৰা ৩,২৫০ কোটি টকাৰ ঋণ লৈ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

যোৱা সপ্তাহত চিবিআইয়ে এই গোচৰটোৰ সন্দৰ্ভত বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক চন্দা কোছাৰক গ্ৰেপ্তাৰ কৰিছিল। চন্দাৰ উপৰিও তেওঁৰ স্বামী দীপক কোছাৰকো কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই গ্ৰেপ্তাৰ কৰে। অৱশ্যে, দীপকক আগতে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: চীনৰ ভাবুকি! টাৱাং সীমান্তত বিশেষ ৰকেট বাহিনী নিৰ্মাণ কৰিব ভাৰতে; আহি আছে ১২০ টা ‘প্ৰলয়’

দেওবাৰে চন্দা আৰু তেওঁৰ স্বামী দীপকক মুম্বাইৰ এখন বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল। তেওঁলোক তিনিদিনৰ বাবে চিবিআইৰ জিম্মাত আছে। বেণুগোপালক সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছে।

আইচিআইচিআই বেংকৰ ঋণ জালিয়াতিৰ গোচৰটোৱে শেহতীয়াকৈ এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইবাৰ, এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ হোৱাত ঘটনাটোৱে এক নতুন ৰূপ লৈছে।

চিবিআইয়ে অভিযোগ কৰিছে যে চন্দা আৰু দীপকে চাৰি বছৰ পূৰ্বে বেণুগোপালৰ কোম্পানী ভিডিঅ’কনক ৩,২৫০ কোটি টকাৰ বৃহৎ ঋণ দিছিল। অৱশ্যে চন্দা আৰু তেওঁৰ স্বামী দীপকে কেন্দ্ৰীয় তদন্ত সংস্থাৰ দ্বাৰা উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। গোচৰটো উচ্চতম ন্যায়ালয়তো দাখিল কৰা হৈছিল।

লগতে পঢ়ক: বিবাহৰ প্ৰস্তাৱ দিয়া প্ৰেমিকাৰ মুখত চৰ-গোৰ; অভিযুক্ত যুৱকৰ ঘৰ বুলডোজাৰেৰে ভাঙিলে প্ৰশাসনে

চন্দা কোছাৰ তিনি দশকৰো অধিক সময় ধৰি আইচিআইচিআই বেংকৰ সৈতে জড়িত হৈ আছে। কিন্তু অভিযোগবোৰ উত্থাপিত হোৱাৰ পিছত ২০১৮ৰ অক্টোবৰত বেঙ্কে চন্দাক বৰ্খাস্ত কৰিছিল।