NORTHEAST NOW (Assamese)

সকাহ নাই! কেজৰিৱালৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰিলে চাৰ্জশ্বীট

July 29, 2024 3:00 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

সকাহ পোৱা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সোমবাৰে আম আদমি পাৰ্টিৰ নেতা কেজৰিৱালৰ বিৰুদ্ধে আবকাৰী দুৰ্নীতিৰ গোচৰত চিবিআইয়ে অভিযোগনামা দাখিল কৰে।

উল্লেখযোগ্য যে পূৰ্বে উচ্চতম ন্যায়ালয়ে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল যদিও চিবিআই গোচৰত বৰ্তমানৰ তেওঁ তিহাৰ কাৰাগাৰত আছে।

আজিৰ দিনটোতে দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টত দিল্লীৰ মুখ্যমন্ত্রী আৰু আন একাংশৰ বিৰুদ্ধে চিবিআইয়ে অভিযোগনামা প্রদান কৰে৷

প্ৰসংগক্ৰমে আবকাৰী দুৰ্নীতিৰ গোচৰত ২১ মাৰ্চত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল আপৰ আহ্বায়ক কেজৰীক। তেওঁৰ বিৰুদ্ধে আছিল চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগ।

ইয়াৰ পূৰ্বে ৰাউজ এভিনিউ আদালতে কেজৰিৱালৰ কাৰাদণ্ড ৮ আগষ্টলৈ বৃদ্ধি কৰিছিল। ইয়াৰ মাজতে চিবিআইয়ে যদি চাৰ্জ শ্বীট দিব নোৱাৰিলেহেতেঁন তেতিয়া হয়তো এই গোচৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে জামিন লাভ কৰিব পাৰিলেহেঁতেন।

এই গোচৰত এতিয়াও কাৰাগাৰত আছে আপ নেতা মনীষ চিছ’দিয়া আৰু বি আৰ এছ নেতা কে কবিতা।

Related News