• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হ’ব নেকি কাজিৰঙাৰ? ৰাজ্যৰ বন বিভাগ আৰু পৰ্যটন বিভাগেই বিপদ মাতিছে নেকি কাজিৰঙালৈ?

কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ আৰু থলুৱা লোকৰ সুৰক্ষাৰ বাবে মাত মতা UNESCO ৰ উপদেষ্টা সমিতি ICOMOS লৈ ধন্যবাদ জ্ঞাপন জীপালৰ

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
July 29, 2024 2:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থা “ICOMOS” ৰ ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ দিয়া এখন উদ্বেগজনক পত্ৰৰ পাছতেই ঘনিভূত হৈছে এই সন্দেহ যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হ’ব নেকি কাজিৰঙাৰ?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰস্তাবিত পঞ্চতাৰকা হোটেল নিৰ্মানৰ প্ৰসংগত অনুসন্ধান কৰিবলৈ কৈ কাজিৰঙাৰ বন্যপ্ৰাণীৰ বিচৰণস্থলীত পঞ্চতাৰকা হোটেল নিৰ্মানৰ যো-জাত উদ্বিগ্নতা প্ৰকাশ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কাৰী সংস্থা ইউনেস্কৰ পৰামৰ্শদাতা সংস্থা ICOMOS য়ে।

Apply Now

উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি কোনো ক্ষেত্ৰতে স্থায়ী নহয়, ইয়াৰ পূৰ্বে মানস ৰাষ্ট্ৰীয় উদ্যানৰো স্বীকৃতি বাতিল কৰা হৈছিল।

কাজিৰঙাই স্বীকৃতি লাভ কৰিছিল ১৯৮৫চনত।

কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনত জৈৱ বৈচিত্ৰ সংৰক্ষণৰ সমান্তৰালকৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ বাবে লোৱা কেতবোৰ পদক্ষেপে উদ্বিগ্ন কৰি তুলিছে ইউনেস্কৰ বিশেষজ্ঞ সংস্থা ICOMOSক।

উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে বহু নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পন্ন হৈছে। ইফালে কাজিৰঙাৰ মাজেৰে ৪লেনযুক্ত পথ নিৰ্মাণৰ বাবেও চলি আছে চিন্তা-চৰ্চা । সেই সময়তে ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শ সংস্থা ICOMOSএ প্ৰেৰণ কৰা পত্ৰত উত্থাপন কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত নিৰ্মাণ কৰিবলৈ লোৱা পঞ্চতাৰকা হোটেলৰ প্ৰসংগ।

যাৰ পৰিপ্ৰেক্ষিতত এক অনুসন্ধানমূলক পত্ৰত সংস্থাটোৱে উদ্বিগ্নতা প্ৰকাশ কৰি ঐতিহ্য ক্ষেত্ৰৰ সমীপত তেনে প্ৰকল্প ৰূপায়নৰ কাম চলিছে নেকি, সেই বিষয়ে সবিস্তাৰে জানিব বিচাৰিছে। লগতে বন্যজীৱ কুলৰ বিচৰণস্থলী তথা বিশ্বৰ পৰ্যটকৰ সীমাহীন আকৰ্ষণৰ কেন্দ্ৰ কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যো জাক লৈ যথেষ্ট উদ্বিগ্ন এই সংস্থাটো।

কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মানৰ প্ৰস্তাৱৰ প্ৰতি উদ্দিগ্নতা প্ৰকাশ কৰি ICOMOSৰ বিশেষজ্ঞ সদস্যই পৰ্যটন বিভাগৰ সঞ্চালক পদ্মপানি বৰাক সোঁৱৰাই দিছে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য অক্ষুন্ন ৰাখি কাজিৰঙাত পৰ্যটকৰ উপস্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব।

লগতে সোঁৱৰাই দিছে জৈৱ বৈচিত্ৰ সংৰক্ষণত লবলগীয়া গুৰুত্ব আৰু স্থানীয় বাসিন্দাৰ মতামত লৈহে পৰ্যটনৰ বিকাশৰ সিদ্ধান্ত লোৱাৰ বিষয়ে।

আৰু তাৰ পাছতেই প্ৰস্তাৱিত পঞ্চতাৰকা হোটেলে কাজিৰঙাত পৰ্যটকৰ বহন ক্ষমতা , বন্যপ্ৰাণীৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ , স্থানীয় লোকৰ অংশগ্ৰহন আৰু কাজিৰঙা সাপেক্ষে বহনক্ষম নিৰ্মানৰ প্ৰভাৱৰ ওপৰত পৰ্যটন সঞ্চালকৰ পৰা উত্তৰ বিচাৰিছে ICOMOSয়ে।

আৰু এই ক্ষেত্ৰত ৰাজ্যৰ পৰ্যটন বিভাগ বা চৰকাৰে ICOMOS ক দিয়া উত্তৰৰ গ্ৰহনযোগ্যতাৰ ওপৰতে নিৰ্ভৰ কৰিব কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি থাকিব নে নাথাকিব।

ইফালে পৰ্যটন বিভাগলৈ ICOMOSয়ে এই পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মানৰ লগে লগেই ইয়াৰ বন্যপ্ৰানী আৰু স্থানীয় ভূমি অধিকাৰী কৃষক শ্ৰমিক সকলৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ সমন্ধে প্ৰথমৰ পৰাই মাত মাতি অহা জীপাল কৃষক শ্ৰমিক সংঘই তাৎক্ষণিক প্ৰতিক্ৰিয়া আগবঢ়াইছে।

এই ক্ষেত্ৰত জীপালৰ উপদেষ্টা সোনেশ্বৰ নৰহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সকিয়াই দি কয় যে কোনো কাৰণতে কাজিৰঙাই যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি হেৰুৱাব লগীয়া হয় তেনে স্বাভাৱিকতেই জবাহদিহী কৰা হ’ব তেওঁলোকক , আনহাতে যি সকল স্তাৱক বাহিনীয়ে পঞ্চতাৰকা হোটেলৰ পক্ষত থাকি স্থানীয় আদিবাসী কৃষক আৰু শ্ৰমিকক পৈত্তিক ভূমিৰ অধিকাৰৰ পৰা বিতাৰিত কৰিব বিচাৰিছে লগতে বন্যহস্তীৰ পৰম্পৰাগত বিচৰণ স্থলীক কৰ্পৰেট গোষ্ঠীক গতাই দিয়াৰ পক্ষত সদা উদগ্ৰীব হৈ আছে তেওঁলোককো সকিয়াই দিয়ে উপদেষ্টা গৰাকীয়ে।

লগতে কাজিৰঙাৰ পঞ্চতাৰকা হোটেল বিতৰ্কটোয়ে ICOMOSৰ‌ দৰে ইউনেস্কৰ পৰামৰ্শদাতা সংস্থা এটাৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ জীপালৰ বক্তব্যক স্থানীয় আৰু ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তুলি ধৰাক লৈও ধন্যবাদ জ্ঞাপন কৰে জীপাল কৃষক শ্ৰমিক সংঘই।

আনহাতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ সংৰক্ষক অপূৰ্ব বল্লভ গোস্বামীয়েও।”আমি উন্নয়ন বিচাৰো,কিন্তু উন্নয়নৰ স্বাৰ্থত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি কঢ়িয়াই অনা পদক্ষেপ মুঠেও গ্ৰহণযোগ্য নহয়,,যাৰ ফলত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হোৱাৰ আশংকা থাকে”বুলি মন্তব্য কৰে পৰিবেশ সংৰক্ষক গৰাকীয়ে।লগতে ” উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞাৰ পিছতো ইক’চেনছিটিভ জ’নৰ ভিতৰত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ দৰে হঠকাৰী সিদ্ধান্ত চৰকাৰে তৎকালীনভাৱে বাতিল কৰিব লাগে বুলি মন্তব্য কৰিছে জেষ্ঠ সাংবাদিক তথা পৰিবেশ সংৰক্ষক গৰাকীয়ে।

গুৰুত্বপূৰ্ণ কথা যে -যিসময়ত আহোম ৰাজত্ব কালৰ সাক্ষী কেইবা শতিকা পুৰণি প্ৰাচীন সমাধিক্ষেত্ৰ চৰাইদেউ মৈদামক UNESCO ই বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে সেই সময়তে এতিয়া চৰকাৰৰ চূড়ান্ত ভুলৰ বাবেই কাজিৰঙাই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা হেৰুৱাবলগীয়া হোৱাৰ আশংকাই এতিয়া উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতি প্ৰেমীৰ লগতে ৰাজ্যৰ সচেতন মহলক।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd