কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পৰিবলৈ বেছিভাগ চিকিৎসক তথা বিশেষজ্ঞই হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰৰ পৰামৰ্শ দি আহিছে।
কিন্তু এই সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা ছেনিটাইজাৰ আপোনাৰ সুৰক্ষাৰ বিপৰীতে বিপদজনক হৈ পৰিব পাৰে।
চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন (চিবিআই)য়ে প্ৰথমবাৰ সতৰ্কতা জাৰি কৰি কৈছে যে দেশত বহু বিষাক্ত নকল ছেনিটাইজাৰ বিক্ৰী হৈ আছে।
এই বিষাক্ত নকল ছেনিটাইজাৰে জীৱনৰ প্ৰতি সংশয় আনিব পাৰে।
চিবিআইয়ে ইন্টাৰপ’লৰ পৰা পোৱা তথ্যৰ ভিত্তিত দেশৰ আৰক্ষী তথা আইন বলবৎকাৰী সংস্থাসমূহক সতৰ্ক কৰি দিছে।
চিবিআইয়ে কয় যে কিছুমান চক্ৰই বহু বিষাক্ত মেথানল ব্যৱহাৰ কৰি বনোৱা হেণ্ড ছেনিটাইজাৰ বিক্ৰী কৰি আছে।
সেইদৰে আন কিছু চক্ৰইয়ো কাম কৰি আছে যিসকলে নিজকে পিপিই আৰু কোভিড-১৯ৰ সৈতে জড়িত চিকিৎসা সামগ্ৰীৰ যোগানকৰ্তা বুলি পৰিচয় দিয়ে।
চিবিআইৰ বিষয়াই জানিবলৈ দিয়ে যে ইন্টাৰপ’লে দিয়া তথ্য অনুসৰি মেথানল ব্যৱহাৰ কৰি নকল হেণ্ড ছেনিটাইজাৰ তৈয়াৰ হৈছে।
মেথানল এবিধ অত্যন্ত বিষাক্ত পদাৰ্থ আৰু মানৱ শৰীৰৰ বাবে ই বিপদজনক হ’ব পাৰে।
চিবিআইৰ বিষয়াই কয় যে ইন্টাৰপ’লৰ পৰা পোৱা তথ্যৰ আধাৰত আৰক্ষী বিষয়াসকলক সতৰ্ক কৰি দিয়া হৈছে।
উল্লেখ্য যে চিবিআইক ইন্টাৰপ’লৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ দায়িত্ব দিয়া হৈছে।
চিবিআইৰ এক সূত্ৰই লগতে জানিবলৈ দিয়ে যে একাংশ দুষ্টচক্ৰই পিপিই কিট আৰু কোভিড-১৯ৰ সৈতে জড়িত সামগ্ৰীৰ নিৰ্মাণকাৰীৰ প্ৰতিনিধি হিচাপে হাস্পাতল আৰু স্বাস্থ্য বিষয়াসকলৰ সৈতে সম্পৰ্ক কৰি আছে।
এনে সামগ্ৰীসমূহৰ নাটনিৰ সুবিধা গ্ৰহণ কৰি বিষয়া তথা হাস্পাতলসমূহৰ পৰা অনলাইনৰ জৰিয়তে অগ্ৰিম ধনো আদায় কৰে যদিও ধন পোৱাৰ পাছত সামগ্ৰীৰ যোগানো নধৰে।