NORTHEAST NOW (Assamese)

চি বি এছ ইয়ে মাৰ্কশ্বিটৰ পৰা আঁতৰাব ‘ফেইল’ শব্দ

February 8, 2020 10:28 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ছাত্ৰ-ছাত্ৰীৰ মানসিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ ইয়ে নতুন নীতি গ্ৰহণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ মানসিক অৱস্থাৰ প্ৰতি ভাবুকিলৈ লক্ষ্য ৰাখি চি বি এছ ইয়ে মাৰ্কশ্বিটৰ পৰা ‘ফেইল’, ‘কম্পাৰ্টমেণ্টেল’ আদি ঋণাত্মক শব্দ সমূহ আঁতৰোৱাৰ বাবে পৰিকল্পনা লৈছে।

বোৰ্ডে বিদ্যালয় সমূহৰ পৰা ইয়াৰ পৰিৱৰ্তে চাৰিটা বিকল্প শব্দ বিচাৰিছে যি ছাত্ৰ-ছাত্ৰীৰ মনত ঋণাত্মক প্ৰভাৱ নেপেলায়।

চি বি এছ ইয়ে নতুন নীতি নিৰ্ধাৰণ নকৰালৈকে বিদ্যালয় সমূহক মাৰ্কশ্বিটত নিজাববীয়াকৈ নতুন শব্দ ব্যৱহাৰ কৰাৰ বাবে নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, চি বি এছ ইৰ মাৰ্কশ্বিটত যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে দুটাতকৈ অধিক বিষয়ত অনুত্তীৰ্ণ হয় তেতিয়া মাৰ্কশ্বিটত ফেইল বুলি লিখাৰ বিপৰীতে দুটা বা তাতকৈ কম বিষয়ত অনুত্তীৰ্ণ হ’লে কম্পাৰ্টমেণ্টেল বুলি লিখা হয়।

মাৰ্কশ্বিটত ফেইল বুলি লিখাৰ ফলত বহু ছাত্ৰ-ছাত্ৰীয়ে মানসিকভাৱে হতাশ হৈ পৰে যাৰ প্ৰভাৱ তেওঁলোকৰ ভবিষ্যত পাঠ্যক্ৰম গ্ৰহণত প্ৰত্যক্ষভাৱে পৰে।

Related News