NORTHEAST NOW (Assamese)

কৰ’ণাত পিতৃ-মাতৃ হেৰুওৱা শিক্ষাৰ্থীৰ মাচুল ৰেহাই দিলে CBSE- এ

September 22, 2021 9:35 am · এন ই নাও নিউজ
Updated: September 22, 2021 11:09 am

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE)- এ ক’ভিদত নিজ পিতৃ-মাতৃক হেৰুওৱা শিক্ষাৰ্থীৰ বাবে পঞ্জীয়ন মাছুল আৰু পৰীক্ষা মাচুল ৰেহাই দিব। এক বিবৃতি যোগে এই কথা সদৰী কৰে CBSE-এ।

CBSE , বিবৃতিটোত বোৰ্ডে উল্লেখ কৰিছে যে’ “ক’ভিদে সমগ্ৰ দেশতে ভয়ানক প্ৰভাৱ বিস্তাৰ কৰিলে আৰু শিক্ষাৰ্থীৰ ওপৰত ক’ভিদৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিভাৱকক কৰ’ণাত হেৰুৱাইছে তেওঁলোকৰ বাবে ২০২১-২২ শিক্ষা বৰ্ষৰ সকলো মাচুল ৰেহাই দিব।”

ইতিমধ্যে বোৰ্ডে বিদ্যালয় সমূহক দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ তালিকা পঠিয়াবলৈ নিৰ্দেশ দিছে।

মাচুল ৰেহাইৰ যোগেদি শিক্ষা বৰ্ষ ২০২১-২২ ৰ বাবে শিক্ষাৰ্থীৰ স্বাৰ্থত এক বিশেষ উপায় অৱলম্বন কৰা বুলি উল্লেখ কৰে বোৰ্ডে।

লগতে CBSE- এ দুই তৰপীয়া বোৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তথ্য অনুসৰি, ইয়াৰে এটা পৰীক্ষা এই বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব।

সেইদৰে অহা বৰ্ষৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত দ্বিতীয় পৰীক্ষা অনুষ্ঠিত হ’ব।

Also read :  হাত দাঙিলে কোহলিৰ RCBয়ে; IPLত দুৰ্দান্ত জয়েৰে অভিযান আৰম্ভ KKRৰ

২০২১-২২ শিক্ষা বৰ্ষত যাতে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলে কোনো অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়,তাৰ বাবে বোৰ্ডে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

Related News