• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

UPSC-ৰ ফলাফলক লৈ বিভ্ৰান্তিকৰ বিজ্ঞাপনঃ দৃষ্টি আইএএছক ৫ লাখ টকাৰ জৰিমনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2025 2:07 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষা-২০২২ৰ ফলাফল সন্দৰ্ভত বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ বাবে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে দৃষ্টি আইএএছ-ক ৫ লাখ টকাৰ জৰিমনা বিহিছে।

দৃষ্টি আইএএছে বিজ্ঞাপনত সৰ্বভাৰতীয় পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীৰ নাম আৰু ফটোৰ লগতে “UPSC CSE ২০২২ ত ২১৬+ উত্তীৰ্ণ” হৈছিল বুলি দাবী কৰিছিল।

Apply Now

কিন্তু পৰীক্ষা কৰাৰ পাছত কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে এই দাবী বিভ্ৰান্তিকৰ বুলি ধৰা পেলাই আৰু প্ৰাৰ্থীসকলে বাছি লোৱা পাঠ্যক্ৰমৰ প্ৰকাৰ আৰু সময়সীমাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য লুকুৱাই ৰাখিছে বুলি গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে জানিবলৈ দিয়ে।

তদন্তত প্ৰকাশ পাইছে যে দৃষ্টি আইএএছে দাবী কৰা ২১৬ জন প্ৰাৰ্থীৰ ভিতৰত ১৬২ জন প্ৰাৰ্থীয়ে (৭৫ শতাংশ) সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক আৰু মূল পৰ্যায় নিজা অধ্যয়নৰ দ্বাৰা উত্তীৰ্ণ হোৱাৰ পাছত প্ৰতিষ্ঠানটোৰ বিনামূলীয়া সাক্ষাৎকাৰ গাইডেন্স প্ৰগ্ৰেম (আই জি পি)হে লৈছিল। মাত্ৰ ৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে সাক্ষাৎকাৰ আৰু অন্যান্য পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল।

ইচ্ছাকৃতভাৱে গুৰুত্বপূৰ্ণ তথ্য লুকুৱাই ৰখাটোৱে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক বিপথে পৰিচালিত কৰিছিল। এনে কাৰ্য গ্ৰাহক সুৰক্ষা আইন, ২০১৯ৰ ২(২৮) ধাৰাত বিভ্ৰান্তিকৰ বিজ্ঞাপন হিচাপে চিহ্নিত হোৱা বাবে দৃষ্টি আইএএছৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা লোৱা হয়।

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে লগতে উল্লেখ কৰে যে দৃষ্টি আইএএছৰ ওপৰত একেধৰণৰ আচৰণৰ বাবে এইটো দ্বিতীয়টো শাস্তি। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত কৰ্তৃপক্ষই দৃষ্টি আইএএছৰ বিৰুদ্ধে “ইউপিএছচি চিএছই ২০২১ত ১৫০+ নিৰ্বাচন”ৰ বিভ্ৰান্তিকৰ দাবীৰ বাবে জৰিমনা বিহিছিল।

মন্ত্ৰালয়ে কয় যে এনে বিজ্ঞাপনে সাধাৰণ ৰাইজৰ মাজত ভুৱা আশাৰ জন্ম দিয়ে। বিশেষকৈ যেতিয়া তথ্য শুদ্ধকৈ প্ৰকাশ নকৰাকৈ বৃহৎ দাবী কৰা হয় তেতিয়া গ্ৰাহকে ভুল সিদ্ধান্ত লয়।

এই পৰ্যন্ত কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে বিভ্ৰান্তিকৰ বিজ্ঞাপন আৰু ভুল বাণিজ্যিক নীতিৰ বাবে বিভিন্ন কোচিং ইনষ্টিটিউটলৈ ৫৪খন জাননী জাৰি কৰিছে। ছাব্বিচখন কোচিং ইনষ্টিটিউটৰ ওপৰত ৯০.৬ লাখ টকাৰো অধিক জৰিমনা বিহাৰ লগতে এনে বিভ্ৰান্তিকৰ দাবী বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd