ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত বাদ পৰিছে জনজাতীয় লোকৰ নাম : CCTOA

‘এজনো খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম বাদ পৰিলে হ’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলন’ আদিত্য খাখলাৰী

ৰকৰৰ

ফটো : নৰ্থইষ্ট নাও

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত বাদ পৰিছে বহু জনজাতীয় লোকৰ নাম। এই গুৰুতৰ অভিযোগ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি চমুকৈ CCTOA ৰ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকে ধৰি জনজাতীয় লোকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত CCTOA এ পল্টনবজাৰস্থিত ট্ৰাইবেল জিৰণি ঘৰত বৃহস্পতিবাৰে এখন সভা অনুষ্ঠিত কৰিছিল।

সভাৰ অন্তত ১৩ সংগঠনৰ নেতৃবৃন্দ মিলিত হৈ এক সংবাদমেল সম্বোধন কৰে।

উক্ত সংবাদমেলত ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে বহু খিলঞ্জীয়া লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰা বুলি গুৰুতৰ অভিযোগ তোলে।

‘’এজনো খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম বাদ পৰিলে হ’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলন,’’- আদিত্য খাখলাৰীয়ে কয়।

‘’এনআৰচিৰ পৰা বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰা বুলি খবৰ আহিছে। বিটিচি, কাৰ্বি আংলঙৰ পৰা খবৰ আহিছে নাম বাদ পৰা বুলি। কিছুমান জনজাতীয় লোকে এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনেই কৰা নাই,’’- সংবাদমেলত খাখলাৰীয়ে এইদৰে কয়।

ইপিনে, ভূমিপুত্ৰৰ নাম বাদ পৰি সন্দেহযুক্ত লোকৰ নাম অন্তৰ্ভুক্ত হ’লে ১০০ শতাংশ শুদ্ধ এনআৰচি কেতিয়াও প্ৰকাশ নাপায় বুলি মন্তব্য কৰি তেওঁ কয়, ‘’থলুৱাৰ নামে ঠাই নোপোৱা এনআৰচি কেতিয়াও শুদ্ধ হ’ব নোৱাৰে।‘’

আনহাতে, সেই একেখন সংবাদমেলত উপস্থিত থাকি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেনসিং ৰাভাই লিগেচী ডাটা ভাড়াত ব্যৱহাৰ হৈ থকা বুলি গুৰুতৰ অভিযোগ তোলে।

‘’লিগেচী ডাটা ভাড়াত ব্যৱহাৰ হৈ আছে। লিগেচী ডাটা ভাড়াত দিয়া মানুহৰ ভয় আৰম্ভ হৈছে, এনআৰচি হৈ যোৱাৰ পাছত লোকজন লিগেচী ভাড়া দিয়া লোকৰ পৰিয়ালৰ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ভূমিৰ ওপৰত অধিকাৰ দেখুৱাব বুলি ভয় হৈছে,’’- ৰাভাই এইদৰে কয়।

তদুপৰি, ‘’এক হাজাৰ-দুই হাজাৰ জনজাতীয় লোকৰ নাম বাদ পৰা এনআৰচি আমাক নালাগে’’ বুলি সদৰী কৰি তেওঁ কয়, ‘’কাৰ্বিআংলঙত বহু জনজাতীয় লোকৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰিছিল, এতিয়া তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ’ল নে নাই নাজানো।‘’

‘’এনআৰচি প্ৰকাশ পোৱাৰ পাছতহে প্ৰকৃত স্বৰূপটো গম পোৱা যাব। ১০০ শতাংশ শুদ্ধ এনআৰচি হ’ব লাগে, খিলঞ্জীয়া ভুমিপুত্ৰৰ নাম অন্তৰ্ভুক্ত হ’ব লাগে, বিদেশী এজনৰো নাম অন্তৰ্ভুক্ত হ’ব নালাগে,’‘-সংবাদমেলত ৰাভাই এইদৰে মন্তব্য কৰে।

ইপিনে, উক্ত সংবাদমেলত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে কয়, ‘’এন আৰ চিত যি সকল সন্দেহযুক্ত নাগৰিকৰ নাম সোমাইছে, সেই সকলক উলিয়াবৰ বাবে ইয়াত ব্যৱস্থাও কৰিব লাগে। ইয়াত কোনো কেৰোণ থাকিব নালাগে আৰু অসমৰ জনজাতি সকল সুৰক্ষিত হ’ব লাগে।‘’

‘’কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে চৰকাৰ বা প্ৰশাসনে সমগ্ৰ অঞ্চলত কুচকাৱাজ কৰিব লাগে। কোনো সংঘাতময় পৰিস্থিতিৰ যাতে উদ্ভৱ নহয়, তাৰ প্ৰতি চৰকাৰে চকু ৰাখিব লাগে। প্ৰয়োজন সাপেক্ষে নিৰাপত্তা ব্যৱস্থা কটটীয়া কৰিব লাগে,’‘-চৰকাৰ তথা প্ৰশাসনৰ প্ৰতি আহ্বান জনাই বড়োৱে এইদৰে কয়।

উল্লেখ কৰিব পাৰি যে, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সভাৰ পাছত খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীক সাংবিধানিক ৰক্ষাকৱচ’ হিচাপে লিপিবদ্ধ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা ৰাজপত্ৰ অধিসূচনা জাৰি কৰিবলৈ দাবী জনোৱাৰ লগতে ট্ৰাইবেল বেল্ট ব্লকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ মঞ্চই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়।

তদুপৰি, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে গঠন কৰা হৰিশংকৰ ব্ৰহ্ম কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰি উক্ত প্ৰতিবেদনৰ আধাৰত খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ ওপৰত সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰিবলৈ মঞ্চই দাবী জনায়।