NORTHEAST NOW (Assamese)

পুনৰ যুদ্ধবিৰতি উলংঘা : পাক সেনাৰ গুলীত আহত ভাৰতীয় সেনাজোৱান

September 11, 2024 11:45 am · এন ই নাও নিউজ
Updated: September 11, 2024 12:32 pm

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ অস্থিৰ হৈ পৰিছে সমগ্ৰ উপত্যকাটো।  বুধবাৰে জম্মুৰ আখনূৰ সীমান্তত পাকিস্তান সেনাই যুদ্ধবিৰতি চুক্তি উলংঘা কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। পাক সেনাৰ এই হঠাৎ আক্ৰমণত আহত হয় এজন বি এছ এফ জোৱান।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলীচালনা কৰে। মুঠতে দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত হোৱা ই গুলীয়াগুলীত পুৱাৰ ভাগত উপত্যকাটো গৰম হৈ পৰে।

ভাৰতীয় সেনাৰ তথ্য অনুসৰি, নিশা প্ৰায় ২.৩৫ বজাত পাকিস্তান সেনাই হঠাতে জম্মুৰ আখনূৰ অঞ্চলত প্ৰচণ্ড গোলাবৰ্ষণ আৰম্ভ কৰে। পাকিস্তানৰ এই আক্ৰমণৰ প্ৰতিশোধো লয় ভাৰতীয় সেনাই। দুয়োপক্ষৰ মাজত হোৱা গুলীৰ আদান-প্ৰদানত আহত হয় এজন বি এছ এফৰ জোৱান। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

কিন্তু ভাৰতৰ প্রতিশোধমূলক আক্রমণত পাকিস্তান সেনা আহত বা নিহত হোৱাৰ তথ্য পাকিস্তানে এতিয়াও প্রকাশ কৰা নাই৷ কিন্তু প্ৰায় এবছৰৰ অন্তত পাকিস্তানে যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ বাবে সীমান্তত নতুন হাই এলাৰ্ট জাৰি কৰা হৈছে।

২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত দুয়োখন দেশৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষই যুদ্ধবিৰতি চুক্তি নবীকৰণ কৰে। সেই চুক্তিৰ প্ৰায় ৩ বছৰৰ পাছত ২০২৩ চনত ৰামগড় খণ্ডত প্ৰথম যুদ্ধবিৰতি উলংঘা হৈছিল। পাক ৰেঞ্জাৰৰ গুলীচালনাত এজন বি এছ এফৰ জোৱানো আহত হৈছিল।

ইয়াৰ পিছত পৰিস্থিতি কিছু স্বাভাৱিক হৈ পৰিল যদিও পাক সেনাই পুনৰ নিজৰ চৰিত্ৰ উদঙাই দিয়ে। ইফালে, নিৰ্বাচনৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰত হিংসাত্মক ঘটনা বৃদ্ধি পোৱাত নিৰাপত্তা বাহিনী সজাগ হৈ পৰিছে।

মন কৰিবলগীয়া যে ৩৭০ অনুচ্ছেদ বাতিলৰ ১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে। ১৮ ছেপ্টেম্বৰত ইয়াত অনুষ্ঠিত হ’ব প্ৰথম ৰাউণ্ডৰ নিৰ্বাচন। ১৮ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত অনুষ্ঠিত হ’ব দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন।

Related News