• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমন্বয় পুথিভঁৰালৰ ষষ্ঠদশ বৰ্ষপূৰ্তি তথা সপ্তদশ প্ৰতিষ্ঠা দিৱস উদ্‌যাপনৰ আয়োজন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 13, 2025 5:38 pm
118
VIEWS
Share on FacebookShare on Twitter

পশ্চিম নলবাৰীৰ অন্যতম বৌদ্ধিক, সাংস্কৃতিক অনুষ্ঠান, বিহামপুৰস্থিত সমন্বয় পুথিভঁৰালৰ ষষ্ঠদশ বৰ্ষপূৰ্তি তথা সপ্তদশ প্ৰতিষ্ঠা দিবস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰিবলৈ লোৱা হৈছে৷ মূলতঃ শিশু , কিশোৰ-কিশোৰী আৰু যুৱক যুৱতীৰ মাজত গ্ৰন্থ অধ্যয়নৰ মানসিকতা গঢ়া, ঐতিহ্যপূৰ্ণ লোক সংস্কৃতিৰ চৰ্চা আৰু সংৰক্ষণ কৰা, আৰ্থ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাক গণতান্ত্ৰিক দৃষ্টিভংগীৰে চাবলৈ সুস্থ মূল্যবোধ সৃষ্টি কৰা আৰু ধৰ্মনিৰপেক্ষ সমাজ প্ৰতিষ্ঠা কৰাৰ দৰে গুৰুত্বপূৰ্ণ লক্ষ্য আৰু উদ্দেশ্যক লৈ ২০০৮ চনৰ ৬ জুলাইত গঢ়ি উঠা সমন্বয় পুথিভঁৰালে ইতিমধ্যে ১৬ টাকৈ বৰ্ষ অতিক্ৰম কৰিলে ৷

ষষ্ঠদশ বৰ্ষপূৰ্তিৰ অনুষ্ঠান অহা ২৭ এপ্ৰিলত পুথিভঁৰাল প্ৰাংগনত আৰু প্ৰতিষ্ঠা দিবসৰ অনুষ্ঠান  অহা ৬ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’ব বুলি সাধাৰণ সম্পাদক আবেদুৰ ৰহমানে জনাইছে ৷ ২৭ এপ্ৰিলৰ ৰাতিপুৱা ৮ বজাত পুথিভঁৰালৰ পতাকা উত্তোলন কৰিব পুথিভঁৰালৰ মুখ্য  উপদেষ্টা শিল্পী উমেশ দত্তই ৷ ৮-৩০ বজাত গছপুলি ৰোপণ কৰিব জনতা হাইস্কুলৰ প্ৰধান শিক্ষক লতিফুৰ ৰহমান, অসমী হাইস্কুলৰ প্ৰধান শিক্ষক ৰঞ্জিত বৰ্মন আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্য শিল্পী ফাইজুৰ ৰহমানে৷ ৯-৩০ বজাত পুথিভঁৰালৰ শ্ৰেষ্ঠ পঢ়ুৱৈ বাছনি প্ৰতিযোগিতা আৰু ১০-৩০ বজাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অধ্যয়নৰত ছাত্ৰ – ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ বিয়লি ৪-৩০ বজাত অনুষ্ঠিত হ’ব পুথিভঁৰাললৈ গ্ৰন্থ আৰু অন্যান্য সামগ্ৰীৰ দাতা আৰু শুভাকাংক্ষীৰ সৈতে অন্তৰংগ আলাপ৷ অনুষ্ঠানটি সঞ্চালনা কৰিব পুথিভঁৰালৰ সভাপতি , বিশিষ্ট কথাশিল্পী ড° জয়ন্ত কুমাৰ চক্ৰৱৰ্তীয়ে৷

সন্ধিয়া ৬ বজাত তাজিমুদ্দিন আহমেদ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° ছাইকী তালুকদাৰে ৷ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক তাজিমুদ্দিন আহমেদৰ স্মৃতিচাৰণ কৰি বক্তব্য আগবঢ়াব বিশিষ্ট সমাজকৰ্মী কনক পাঠকে৷ পুথিভঁৰালৰ শিশু আলোচনী ‘কলৰৱ’ উন্মোচন কৰিব টংলা মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষা, বিশিষ্ট সাহিত্যিক ড° অঞ্জলী চক্ৰৱৰ্তীয়ে৷ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কবিতা চৌধুৰী, শিশু চিকিৎসক ডাঃ মনোৰঞ্জন শৰ্মা, চি.এফ.এম.এলৰ ক্ষেত্ৰ প্ৰবন্ধক কন্দৰ্প কলিতা আৰু বিশিষ্ট ছাত্ৰ নেতা নিৰুজ উদ্দিন আহমেদ৷ সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’বলগীয়া স্থানীয় উদীয়মান শিল্পীৰ সৈতে চা-চিনাকি, আলাপ তথা সাংস্কৃতিক অনুষ্ঠানত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত তথ্যচিত্ৰ নিৰ্মাতা গুঞ্জন শৰ্মা, ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত বাঁহীবাদক নিবিড় দেৱশৰ্মা আৰু হৃদয়জিত শৰ্মাই অংশগ্ৰহণ কৰিব৷ নিশা ৮ বজাত অনুষ্ঠিত হ’ব সমন্বয় সুৰ সমদলৰ শিল্পীসকলৰ দ্বাৰা গীত আৰু নৃত্যৰ বৰ্ণাঢ্য অনুষ্ঠান ৷

অনুষ্ঠানটি পৰিচালনা কৰিব অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত বিশিষ্ট সংগীত শিল্পী উমেশ দত্তই৷ আঁত ধৰিব নলবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমিৰ প্ৰৱক্তা উদ্ধৱ ঠাকুৰীয়াই৷  অংশগ্ৰহণ কৰিব ধমধমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, বিশিষ্ট কণ্ঠশিল্পী অমিয় হাজৰিকা, সন্তোষ চক্ৰৱৰ্তী, প্ৰদীপ ডেকা, দীপক শৰ্মা, সংগীতা তালুকদাৰ ৰহমান আৰু দীপক তালুকদাৰে৷ নিশা ৯-৩০ বজাত নাট মঞ্চস্থ কৰিব সমন্বয় পুথিভঁৰালৰ শিশু শিল্পীসকলে ৷ আনহাতে, অহা ৬ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত উদ্‌যাপিত হ’ব সমন্বয় পুথিভঁৰালৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস৷ এই অনুষ্ঠানত সমন্বয় পুথিভঁৰালৰ বছৰেকীয়া প্ৰকাশ ’জাখৰ’ উন্মোচনৰ লগতে  বিশেষ সংবেদনশীল বিষয়ৰ আধাৰত এক বক্তৃতানুষ্ঠান সম্পন্ন হ’ব ৷

Recent News

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

সন্তানৰ ব্যক্তিত্ব গঠনত পিতৃৰ এই আচৰণসমূহে স্পষ্ট ছাপ পেলায়; প্ৰকাশ পাইছে গৱেষণাত

সন্তানৰ ব্যক্তিত্ব গঠনত পিতৃৰ এই আচৰণসমূহে স্পষ্ট ছাপ পেলায়; প্ৰকাশ পাইছে গৱেষণাত

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd