• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমন্বয় পুথিভঁৰালৰ ষষ্ঠদশ বৰ্ষপূৰ্তি তথা সপ্তদশ প্ৰতিষ্ঠা দিৱস উদ্‌যাপনৰ আয়োজন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 13, 2025 5:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম নলবাৰীৰ অন্যতম বৌদ্ধিক, সাংস্কৃতিক অনুষ্ঠান, বিহামপুৰস্থিত সমন্বয় পুথিভঁৰালৰ ষষ্ঠদশ বৰ্ষপূৰ্তি তথা সপ্তদশ প্ৰতিষ্ঠা দিবস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰিবলৈ লোৱা হৈছে৷ মূলতঃ শিশু , কিশোৰ-কিশোৰী আৰু যুৱক যুৱতীৰ মাজত গ্ৰন্থ অধ্যয়নৰ মানসিকতা গঢ়া, ঐতিহ্যপূৰ্ণ লোক সংস্কৃতিৰ চৰ্চা আৰু সংৰক্ষণ কৰা, আৰ্থ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাক গণতান্ত্ৰিক দৃষ্টিভংগীৰে চাবলৈ সুস্থ মূল্যবোধ সৃষ্টি কৰা আৰু ধৰ্মনিৰপেক্ষ সমাজ প্ৰতিষ্ঠা কৰাৰ দৰে গুৰুত্বপূৰ্ণ লক্ষ্য আৰু উদ্দেশ্যক লৈ ২০০৮ চনৰ ৬ জুলাইত গঢ়ি উঠা সমন্বয় পুথিভঁৰালে ইতিমধ্যে ১৬ টাকৈ বৰ্ষ অতিক্ৰম কৰিলে ৷

ষষ্ঠদশ বৰ্ষপূৰ্তিৰ অনুষ্ঠান অহা ২৭ এপ্ৰিলত পুথিভঁৰাল প্ৰাংগনত আৰু প্ৰতিষ্ঠা দিবসৰ অনুষ্ঠান  অহা ৬ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’ব বুলি সাধাৰণ সম্পাদক আবেদুৰ ৰহমানে জনাইছে ৷ ২৭ এপ্ৰিলৰ ৰাতিপুৱা ৮ বজাত পুথিভঁৰালৰ পতাকা উত্তোলন কৰিব পুথিভঁৰালৰ মুখ্য  উপদেষ্টা শিল্পী উমেশ দত্তই ৷ ৮-৩০ বজাত গছপুলি ৰোপণ কৰিব জনতা হাইস্কুলৰ প্ৰধান শিক্ষক লতিফুৰ ৰহমান, অসমী হাইস্কুলৰ প্ৰধান শিক্ষক ৰঞ্জিত বৰ্মন আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্য শিল্পী ফাইজুৰ ৰহমানে৷ ৯-৩০ বজাত পুথিভঁৰালৰ শ্ৰেষ্ঠ পঢ়ুৱৈ বাছনি প্ৰতিযোগিতা আৰু ১০-৩০ বজাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অধ্যয়নৰত ছাত্ৰ – ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ বিয়লি ৪-৩০ বজাত অনুষ্ঠিত হ’ব পুথিভঁৰাললৈ গ্ৰন্থ আৰু অন্যান্য সামগ্ৰীৰ দাতা আৰু শুভাকাংক্ষীৰ সৈতে অন্তৰংগ আলাপ৷ অনুষ্ঠানটি সঞ্চালনা কৰিব পুথিভঁৰালৰ সভাপতি , বিশিষ্ট কথাশিল্পী ড° জয়ন্ত কুমাৰ চক্ৰৱৰ্তীয়ে৷

Apply Now

সন্ধিয়া ৬ বজাত তাজিমুদ্দিন আহমেদ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° ছাইকী তালুকদাৰে ৷ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক তাজিমুদ্দিন আহমেদৰ স্মৃতিচাৰণ কৰি বক্তব্য আগবঢ়াব বিশিষ্ট সমাজকৰ্মী কনক পাঠকে৷ পুথিভঁৰালৰ শিশু আলোচনী ‘কলৰৱ’ উন্মোচন কৰিব টংলা মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষা, বিশিষ্ট সাহিত্যিক ড° অঞ্জলী চক্ৰৱৰ্তীয়ে৷ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কবিতা চৌধুৰী, শিশু চিকিৎসক ডাঃ মনোৰঞ্জন শৰ্মা, চি.এফ.এম.এলৰ ক্ষেত্ৰ প্ৰবন্ধক কন্দৰ্প কলিতা আৰু বিশিষ্ট ছাত্ৰ নেতা নিৰুজ উদ্দিন আহমেদ৷ সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’বলগীয়া স্থানীয় উদীয়মান শিল্পীৰ সৈতে চা-চিনাকি, আলাপ তথা সাংস্কৃতিক অনুষ্ঠানত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত তথ্যচিত্ৰ নিৰ্মাতা গুঞ্জন শৰ্মা, ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত বাঁহীবাদক নিবিড় দেৱশৰ্মা আৰু হৃদয়জিত শৰ্মাই অংশগ্ৰহণ কৰিব৷ নিশা ৮ বজাত অনুষ্ঠিত হ’ব সমন্বয় সুৰ সমদলৰ শিল্পীসকলৰ দ্বাৰা গীত আৰু নৃত্যৰ বৰ্ণাঢ্য অনুষ্ঠান ৷

অনুষ্ঠানটি পৰিচালনা কৰিব অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত বিশিষ্ট সংগীত শিল্পী উমেশ দত্তই৷ আঁত ধৰিব নলবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমিৰ প্ৰৱক্তা উদ্ধৱ ঠাকুৰীয়াই৷  অংশগ্ৰহণ কৰিব ধমধমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, বিশিষ্ট কণ্ঠশিল্পী অমিয় হাজৰিকা, সন্তোষ চক্ৰৱৰ্তী, প্ৰদীপ ডেকা, দীপক শৰ্মা, সংগীতা তালুকদাৰ ৰহমান আৰু দীপক তালুকদাৰে৷ নিশা ৯-৩০ বজাত নাট মঞ্চস্থ কৰিব সমন্বয় পুথিভঁৰালৰ শিশু শিল্পীসকলে ৷ আনহাতে, অহা ৬ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত উদ্‌যাপিত হ’ব সমন্বয় পুথিভঁৰালৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস৷ এই অনুষ্ঠানত সমন্বয় পুথিভঁৰালৰ বছৰেকীয়া প্ৰকাশ ’জাখৰ’ উন্মোচনৰ লগতে  বিশেষ সংবেদনশীল বিষয়ৰ আধাৰত এক বক্তৃতানুষ্ঠান সম্পন্ন হ’ব ৷

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd