• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিবিচিৰ তথ্যচিত্ৰক লৈ অস্বস্তিত কেন্দ্ৰীয় চৰকাৰ: টুইটাৰ, ইউটিউবৰ পৰা তথ্যচিত্ৰ আঁতৰাবলৈ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2023 8:19 pm
BBC documentary on Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০২ চনত গুজৰাটৰ গোধৰাত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচি- এ প্ৰস্তুত কৰা এক তথ্যচিত্ৰত এই নৃশংস ঘটনাত বৰ্তমানৰ প্ৰধানমন্ত্ৰী তথা সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত থকা বুলি উল্লেখ কৰাৰ পিছতে এই তথ্যচিত্ৰখনক কেন্দ্ৰ কৰি ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে।

এই তথ্যচিত্ৰখনে বিশ্বজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বিবিচিৰ এই তথ্যচিত্ৰখনক লৈ অস্বস্তিত পৰিছে কেন্দ্ৰীয় চৰকাৰ। প্ৰকাশিত খবৰ অনুসৰি আজি কেন্দ্ৰই টুইটাৰ আৰু ইউটিউবক বিবিচিৰ এই তথ্যচিত্ৰ আঁতৰ কৰিবলৈ নিৰ্দেশ দিছে।

Apply Now

সূত্ৰ অনুসৰি, ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে “ইণ্ডিয়া: দ্য মোদী কুৱেশ্যন” শীৰ্ষক তথ্যচিত্ৰখনৰ প্ৰথম খণ্ড প্ৰকাশ কৰা একাধিক ভিডিঅ’ ব্লক কৰাৰ বাবে ইউটিউবক নিৰ্দেশনা জাৰি কৰিছে। এনে ইউটিউব ভিডিঅ’ৰ লিংক থকা ৫০টাতকৈও অধিক টুইট ব্লক কৰাৰ বাবেও টুইটাৰলৈ নিৰ্দেশ জাৰি কৰা হৈছে।

এই নিৰ্দেশৰ বাবেই তথ্যচিত্ৰখনৰ দৃশ্যাংশ বা লিংক সংলগ্ন বহু টুইট আৰু ইউটিউব ভিডিঅ’ এতিয়া মাইক্ৰ’ব্লগিং আৰু ভিডিঅ’ শ্বেয়াৰিং ৱেবছাইটত দেখা নোৱা নাযায় বুলি জানিব পৰা গৈছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে তথ্য প্ৰযুক্তি নিয়ম, ২০২১ৰ অধীনত জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি লিংকসমূহ আঁতৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত ইউটিউব আৰু টুইটাৰে এই নিৰ্দেশ মানি চলিবলৈ সন্মত হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

ভাৰতে তথ্যচিত্ৰখনক বস্তুনিষ্ঠতাৰ অভাৱ আৰু ঔপনিৱেশিক মানসিকতা প্ৰতিফলিত কৰা প্ৰপাগাণ্ডাৰ অংশ বুলি অভিহিত কৰিছে। সূত্ৰ অনুসৰি, কেন্দ্ৰই ইউটিউব আৰু টুইটাৰক লগতে যদিহে কোনো লোকে পুনৰ তথ্যচিত্ৰখনৰ লিংক বা দৃশ্যাংশ আপলোড বা টুইট কৰে, সেয়া লগে লগে আঁতৰ কৰি দিবলৈও নিৰ্দেশ দিছে।

উল্লেখ্য যে তথ্যচিত্ৰখনৰ সৰৱ চৰ্চা চলি থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনে বিবিচিৰ এই তথ্যচিত্ৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংখ্যালঘুসকলৰ প্ৰতি থকা স্থিতি উন্মোচিত কৰা বুলি দাবী কৰি তেওঁ কৰা এক টুইট টুইটাৰে ডিলিট কৰি দিছে বুলি অভিযোগ কৰিছিল।

অ’ব্ৰাইনে উল্লেখ কৰা মতে মাইক্ৰ’ব্লগিং চাইট টুইটাৰে অ’ব্ৰাইনক এক মেইল যোগে ভাৰত চৰকাৰৰ অনুৰোধত তেওঁৰ টুইটটো ভাৰতৰ আইন উলংঘা কৰা বুলি দাবী কৰি ডিলিট কৰা হৈছে বুলি জানিবলৈ দিছে। তৃণমূল সাংসদ গৰাকীয়ে এই অভিযোগ উত্থাপন কৰি এই কাৰ্যক বিজেপি চৰকাৰৰ “চেন্সৰশ্বিপ” বুলি অভিহিত কৰে।

উল্লেখ্য যে BBC-য়ে ২০০২ চনৰ গুজৰাটৰ গোধৰা হিংসাত্মক কাণ্ডৰ ওপৰত দুটা খণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এই তথ্য চিত্ৰতে ব্ৰিটিছ সংবাদ সংস্থাটোৱে গোধৰা হিংসাত্মক কাণ্ডত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত আছিল বুৰি গুৰুতৰ তথা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

গোধৰাত সংঘৰ্ষৰ নামত ইচ্ছাকৃতভাৱে মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছিল বুলি উল্লেখ কৰি তথ্যচিত্ৰখনত এই সংঘৰ্ষটো ৰাজনৈতিকভাৱে পৰিচালিত কৰিবলৈ চেষ্টা কৰা হৈছিল বুলিও দেখুওৱা হৈছে। কট্টৰ হিন্দুত্ববাদী সংগঠন আৰএছএছ আৰু বিশ্ব হিন্দু পৰিষদ সদ্যসকল এই সংঘৰ্ষত জড়িত থকা বুলি তথ্যচিত্ৰখনত লগতে উল্লেখ কৰা হৈছে।

আনহাতে তথ্যচিত্ৰখনে আক্ৰমণকাৰীৰ বিৰুদ্ধে মোদীৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা আৰু তৎপৰতা লোৱা নাছিল বুলি দাবী কৰি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে আৰক্ষীক বাধা প্ৰদান কৰিছিল বুলি গুৰুতৰ দাবী উত্থাপন কৰিছে। এইদৰে মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৌনতাৰে আক্ৰমণকাৰীক উৎসাহিত কৰিছিল আৰু মোদীৰ মন্ত্ৰীসকলেও হিংসাক প্ৰশ্ৰয় দি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক হিংসাত্মক কাণ্ডক হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ দিছিল বুলিও দাবী কৰা হৈছে।

ইফালে গুজৰাট কাণ্ডক লৈ BBC-ৰ দুটা খণ্ডৰ তথ্য চিত্ৰখন মুকলি হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন কৰি কেন্দ্ৰই কৈছে যে তথ্যচিত্ৰখন ঔপনিৱেশিক মনোবৃত্তিৰে নিৰ্মাণ কৰা হৈছে। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে সংবাদ মাধ্যমৰ আগত তথ্যচিত্ৰখনক প্ৰপাগণ্ডা, যিখন এক বিশেষ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

August 10, 2026 6:27 pm
ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

August 10, 2026 6:02 pm
কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

August 10, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

August 10, 2026 6:27 pm
ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd