NORTHEAST NOW (Assamese)

সাৱধান! ৰোগীৰ বাবে বিপজ্জনক ১৪টা ‘ককটেল ঔষধ’ নিষিদ্ধ কৰিলে কেন্দ্ৰই

June 4, 2023 10:14 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

ৰোগীৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হোৱাৰ পিছত কেন্দ্ৰই ১৪টা ফিক্স ড’জ কম্বিনেশ্যন তথা ‘ককটেল ঔষধ’ নিষিদ্ধ কৰিছে। ককটেল ঔষধে সাধাৰণতে এটা ঔষধৰ মাজত বহুতো ঔষধৰ সংমিশ্ৰণক বুজায়। কিন্তু বিশেষজ্ঞ সমিতিয়ে পৰীক্ষা কৰি দেখিছে যে এই ঔষধ ৰোগীৰ বাবে বিপদজনক। সেই প্ৰতিবেদন অহাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে এই ঔষধ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে কমিটীয়ে এই ঔষধৰ ‘ককটেল’ক ক্ষতিকাৰক আৰু ভেষজ ন্যায্যতাৰ অভাৱ বুলি অভিহিত কৰিছে। কোনবোৰ ‘ককটেল ঔষধ’ তালিকাত আছে? সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে ইয়াত সাধাৰণ সংক্ৰমণ, চৰ্দি-কাহ আৰু জ্বৰ নিৰাময়ৰ ঔষধ আছে। নিমেছুলাইড+ পেৰাচিটামল সংমিশ্ৰিত টেবলেট, এমোক্সিচিলিন+ব্ৰমহেক্সিনৰ দৰে ককটেল।

লগতে পঢ়ক: মহিলাগৰাকী মাংগলিক নেকি জানিব বিচাৰিছিল উচ্চ ন্যায়ালয়ে; হস্তক্ষেপ উচ্চতম ন্যায়ালয়ৰ!

উল্লেখ্য যে যোৱা এপ্ৰিল মাহত দেশত বহুলভাৱে ব্যৱহৃত ৪৮টা ঔষধ গুণগত পৰীক্ষাত ব্যৰ্থ হৈছিল। তাৰ ভিতৰত হাৰ্টৰ ঔষধ, ডায়েবেটিছ, প্ৰেচাৰৰ পৰা মাল্টিভিটামিন আদি ঔষধ আছিল। পৰীক্ষা কৰি দেখা গৈছিল যে ঔষধৰ উপাদানসমূহত গোলমাল আছে।

Related News