৫০ লাখ  কভিশ্বিল্ড ভেকচিনৰ অপচয় হোৱা নাই,ম্যাদ উকলা ভেকচিনো ব্যৱহাৰ হোৱা নাই :কেন্দ্ৰ

ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে ৫০ লাখ অব্যৱহৃত কভিশ্বিল্ড ভেকচিনৰ ম্যাদ উকলি যাব আৰু সেইবোৰৰ অপচয় হ’ব বুলি একাংশ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অস্বীকাৰ কৰিছে কেন্দ্ৰই।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ বাতৰিক ‘বিভ্ৰান্তিকৰ’ বুলি মন্তব্য কৰি কয় যে এই মাহৰ শেষৰ ফালে ৫০ লাখ অব্যৱহৃত কভিশ্বিল্ড ভেকচিন অপচয় হ’ব পাৰে বুলি খবৰ ওলাইছে তাৰ কোনো ভিত্তি নাই।

কেন্দ্ৰই সকলো ৰাজ্য চৰকাৰক সক্ৰিয়ভাৱে ভেকচিনৰ উপলব্ধতা পৰ্যালোচনা কৰিবলৈ পৰামৰ্শ দিয়াৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে টিকাকৰণ অভিযানৰ আৰম্ভণিৰ পৰাই যাতে ভেকচিনৰ অপচয় নিম্নতম হয় সেই বিষয়ত সতৰ্ক হ’বলৈ ৰাজ্য চৰকাৰ সমূহক কৈ অহা হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ে যোৱা বছৰ নৱেম্বৰত ৰাজ্যসমূহক নিয়মীয়াকৈ ভেকচিনবোৰৰ স্থিতি পৰ্যালোচনা কৰিবলৈ কৈছিল আৰু সেইবোৰৰ ম্যাদ কেতিয়া উকলিব সেই বিষয়তো গুৰুত্ব দিবলৈ কৈছিল।ৰাজ্যসমূহক এইটো নিশ্চিত কৰিবলৈও পৰামৰ্শ দিয়া হৈছিল যাতে কোনো ভেকচিনৰ ম্যাদ উকলি নাযায় আৰু ম্যাদ উকলাৰ পূৰ্বেই সেইবোৰ ব্যৱহাৰ কৰা হয়।

তদুপৰি, নিৰ্দিষ্ট ৰাজ্যসমূহৰ অনুৰোধত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ভেকচিনৰ ম্যাদ উকলি যোৱা সমস্যাৰ সমাধানৰ বাবে ব্যক্তিগত খণ্ডৰ স্বাস্থ্য খণ্ডলৈ চৰকাৰী চিকিৎসালয়ৰ পৰা ভেকচিন স্থানান্তৰৰ প্ৰস্তাৱিত অনুমোদন জনাইছিল।

বহু ৰাজ্যত সঠিক মজুতকৰণৰ অভাৱত বহু ভেকচিন নষ্ট হৈ গৈছে। ফলত বহুতে ভেকচিন লাভ কৰিবলৈ প্ৰয়োজনতকৈ অধিক দিন অপেক্ষা কৰিবলগীয়া হৈছে।

চৰকাৰ লগতে এই কথাও স্পষ্ট কৰি দিছে যে দেশৰ কোনো স্থানতে ম্যাদ উকলা ভেকচিন মানুহক দিয়া হোৱা নাই। এই সন্দৰ্ভত প্ৰকাশিত বাতৰিসমূহৰ কোনো ভিত্তি নাই বুলিও কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে স্পষ্ট কৰি দিছে।