উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই জানিবলৈ দিছে যে ম’ৰেটৰিয়ামৰ সময়ত সুতৰ ওপৰত সুত আদায় কৰা নহয়।
লকডাউনৰ সময়ত ৰিজাৰ্ভ বেংকে জনাইছিল যে ম’ৰেটৰিয়াম ঘোষণা কৰা হ’ল। অৰ্থাৎ সেই সময়ছোৱাত ইএমআইৰ কিস্তি নিদিলেও ঋণ গ্ৰহণ কৰাসকলৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ নপৰে।
পাছত এই সম্পৰ্কীয় বহু চৰ্চাৰ অন্তত কেন্দ্ৰই কয় যে এই সময়ছোৱাত ঋণৰ পৰিমানৰ ওপৰত যি পৰিমানৰ সুত হয় তাৰ ওপৰত সুত লোৱা নহয়।
সূত্ৰসমূহে প্ৰকাশ কৰা মতে যিসকলে ধাৰাবাহিকভাৱে তেওঁলোকৰ ই এম আই আদায় দিছে তেওঁলোককো এই সুযোগ দিয়া হ’ব।
বিত্ত মন্ত্ৰ্যালয়ে এই সম্পৰ্কীয় পৰিকল্পনাৰ চূড়ান্ত ৰূপ দিয়াৰ কাম কৰি আছে। এক মাৰ্চৰ পৰা ৩১ আগষ্টৰ ভিতৰত ম’টৰিয়াম আছিল।
সূত্ৰসমূহৰ মতে, দেৱালীৰ পূৰ্বে এই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা হ’ব।
কেবল ব্যক্তিগত ঋণেই নহয়, গৃহ ঋণৰ ক্ষেত্ৰতো দুই কোটি টকাৰ ঋণৰ ওপৰত এই ৰেহাই পোৱা যাব।
বিত্ত মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ সূত্ৰই জানিব দিয়া মতে, কম্পাউণ্ড ইন্টাৰেষ্ট সকলো ঋণ গ্ৰহণকাৰীকে দিয়া হ’ব। ম’ৰেটৰিয়ামৰ সুযোগ নিয়া বা নিনিয়া সকলোকে।
ইয়াৰ ফলত বেংকসমূহৰ যি আৰ্থিক ক্ষতি হ’ব, সেই টকা কেন্দ্ৰই জোৰা মাৰিব।
উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই কৈছিল যে এই আঁচনি আৰম্ভ কৰোতে কিছু সময় লাগিব। কেন্দ্ৰৰ এই বক্তৱ্যত অসন্তুষ্টি প্ৰকাশ কৰিছিল আদালতে।
ইয়াৰ পাছতে এই আঁচনি ৰূপায়নত তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।