বিশেষ অধিৱেশনৰ উদ্দেশ্য কি! কেন্দ্ৰই প্ৰকাশ কৰিলে আলোচনাৰ বিষয়

Parliament special session

অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব সংসদৰ বিশেষ অধিৱেশন। পাঁচদিনীয়া এই বিশেষ অধিৱেশনত কি বিষয়ৰ আলোচনা হ’ব, সেই লৈ ব্যাপক জল্পনা-কল্পনা। কেন্দ্ৰই আহ্বান জনোৱা এই বিশেষ অধিৱেশনৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছিল বিৰোধীয়ে।

এই সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কালি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে অধিৱেশনত আলোচিত হ’বলগীয়া বিষয়ৰ সবিশেষ। কেন্দ্ৰৰ তথ্য অনুসৰি, এই অধিৱেশনত সংসদৰ ৭৫ বছৰীয়া ইতিহাস সন্দৰ্ভত আলোচনা কৰা হ’ব।

লগতে মুখ্য নিৰ্বাচন আয়ুক্ত তথা আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বিধেয়ককে ধৰি আন চাৰিখন বিধেয়কো এবিশেষ অধিৱেশনত সংসদত উত্থাপন কৰিব বুলি চৰকাৰে সদৰী কৰিছে।

লোকসভা সচিবালয়ৰ বুলেটিনত উল্লেখ কৰা মতে, ১৮ ছেপ্টেম্বৰত ‘সংবিধান সভাৰ পৰা আৰম্ভ কৰি ৭৫ বছৰীয়া সংসদীয় যাত্ৰা, কৃতিত্ব, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষণ’ শীৰ্ষক আলোচনা অনুষ্ঠিত হ’ব।

লগতে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়ক, ডাক বিধেয়ক, অধিবক্তা (সংশোধনী) বিধেয়ক, আৰু সাময়িকী প্ৰেছ আৰু পঞ্জীয়ন বিধেয়ক আদি অন্তৰ্ভুক্ত হ’ব।

উল্লেখ্য যে, কেন্দ্ৰই বিশেষ অধিৱেশনত দেশৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত ৰূপেই স্বীকৃতি দিয়াৰ বাবে বিশেষ অধিৱেশনত পদক্ষেপ ল’ব বুলি ব্যাপক চৰ্চা চলিছিল। বিশেষকৈ G20 ত দেশৰ নাম কেৱল ‘ভাৰত’ বুলিয়েই ব্যৱহাৰ কৰাৰ পিছত এই বিষয়ে অধিক চৰ্চিত হৈছিল।

লগতে, চৰকাৰে ‘এক দেশ, এক নিৰ্বাচন’, ইউনিফৰ্ম চিভিল কোড (UCC) আৰু মহিলা সংৰক্ষণ প্ৰৱৰ্তনৰ বাবে বিশেষ অধিৱেশনতে বিধেয়ক আনিব পাৰে বুলিও জল্পনা-কল্পনা চলিছিল। এনে অৱস্থাত চৰকাৰক বিশেষ অধিৱেশনৰ উদ্দেশ্য সদৰী কৰিবলৈ দাবী জনাই আহিছিল বিৰোধীয়ে।

তাৰ মাজতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক পত্ৰ যোগে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি আৰু মল্লযুঁজাৰুসকলৰ প্ৰতিবাদকে ধৰি ৯টা সম্ভাৱ্য আলোচনাৰ বিষয়ৰ ৰূপৰেখা দাঙি ধৰিছিল।

অৱশ্যে চৰকাৰে আলোচিত হ’বলগীয়া বিষয়ৰ কথা সদৰী কৰিলেও বিশেষ অধিৱেশনৰ কাৰ্যসূচী প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে। উত্তম সংসদীয় পদ্ধতিৰ অধীনত বিশেষ অধিৱেশনৰ কাৰ্যসূচী প্ৰকাশৰ প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰে চৰকাৰে।