বিধেয়ক বিৰোধী আন্দোলনক দমন কৰিবলৈ কেন্দ্ৰই ব্যৱহাৰ কৰিব বিচাৰিছে আছাম ৰাইফলছক : নেছ’

Samuel-B-Jyrwa-750x375

নেছৰ অধ্যক্ষ ছেমুৱেল জাৰৱা, ফাইল ফটো : মেঘালয় টাইমছৰ সৌজন্যত

লোকসভা নিৰ্বাচনৰ পাছতে নাগৰিকত্ব সংশোধনী বিধেয়কখন পুনৰ গৃহীত কৰাৰ লক্ষ্যৰে বিধেয়ক বিৰোধী আন্দোলনক দমন কৰিবলৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে আছাম ৰাইফলছক ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে উত্তৰ-পূব ছাত্ৰ সংস্থা চমুকৈ নেছ’ই।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত যিকোনো স্থানতে তালাচী চলাই যিকোনো লোককে ৱাৰেন্ট অবিহনে গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা আছাম ৰাইফলছক প্ৰদান কৰা এখন অধিসূচনা জাৰি কৰাৰ পাছতে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছাত্ৰ সংগঠনটোৱে।

অৱশ্যে, কিছু কাৰিকৰী আনুষ্ঠানিকতা বাকী থকা বাবে অধিসূচনাখন বৰ্তমান প্ৰত্যাহাৰ কৰা হৈছে।

নেছ’ৰ অধ্যক্ষ ছেমুৱেল বি জাৰৱাই শুকুৰবাৰে শ্বিলঙত জাৰি কৰা এক বিবৃতিত কেন্দ্ৰৰ এনে অবিবেচক কাৰ্যক নিন্দা কৰি কৈছে, ‘’ ইয়াক ৰাষ্ট্ৰৰ অৱদমন হিচাপে অভিহিত কৰিব পাৰি যিয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ প্ৰতি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মনোভাৱকে প্ৰমান কৰে।‘’

জাৰৱাই কয় যে নেছ’ই জনসাধাৰণৰ আন্দোলনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সদ্য সমাপ্ত ৰাজ্যসভাৰ অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপনত ব্যৰ্থ হোৱাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা বুলিও আশ্চৰ্য প্ৰকাশ কৰে।

নেছ’ৰ অধ্যক্ষগৰাকীয়ে লগতে প্ৰকাশ কৰিছে যে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ বিষয়সমূহকলৈ কেন্দ্ৰ সন্তুষ্ট নহয় যাৰ বাবে দশকজুৰি আফ্ছপা (AFSPA) আইন জাপি দি লোকসকলৰ দুৰ্দশাগ্ৰস্ত অৱস্থাৰ প্ৰতি পিঠি দি পুনৰ গৃহ মন্ত্ৰালয়ে এনেধৰণৰ অধিক সাম্ৰাজ্যবাদী ব্যৱস্থা জাপি দিব বিচাৰিছে।

বিবৃতিটোত লগতে কেন্দ্ৰৰ এনে পদক্ষেপক উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ ওপৰত দমন হিচাপে অভিহিত কৰি নেছ’ই সকলো খিলঞ্জীয়া লোককে ঐক্যবদ্ধ, সতৰ্ক হৈ থকাৰ লগতে প্ৰয়োজনত জাগি উঠাৰ বাবে আহ্বান জনাইছে।