বিগত ৫বছৰত ১৫,০০০বাংলাদেশী নাগৰিকক প্ৰদান কৰা হৈছে ভাৰতীয় নাগৰিকত্ব

Bangladeshi-nationals

ভাৰতে বিগত ৫বছৰত ১৫,০০০বাংলাদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিছে। সেইদৰে, ‘সন্দেহজনক ভোটাৰ’ হিচাপে ঘোষণা কৰা ৮৩,০০৮টা গোচৰ অসমৰ বিদেশী ন্যায়াধিকৰণত বিচাৰাধীন হৈ আছে।

দেওবাৰে লোকসভাত এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰাইয়ে।

তেওঁ কয় যে বিগত পাঁছ বছৰত ৮৬,৭৫৬জন লোকক বিদেশী হিচাপে ঘোষণা কৰা হৈছে।

‘’অসম চৰকাৰে জনাইছে যে অসমৰ বিদেশী ন্যায়াধিকৰণসমূহত পৰি থকা সন্দেহজনক ভোটাৰৰ গোচৰৰ সংখ্যা ৮৩,০০৮টা আৰু ২০১৫ৰ পৰা ২০২০ৰ ৩০জুনলৈকে অসমত বিদেশী ঘোষিত লোকৰ সংখ্যা হৈছে ৮৬,৭৫৬জন,’’-গৃহ ৰাজ্য মন্ত্ৰী ৰাইয়ে এক লিখিত উত্তৰত এইদৰে কয়।

বিদেশী ন্যায়াধিকৰণসমূহ অকল অসমতে কাৰ্যক্ষম হৈ আছে বুলিও তেওঁ সদৰী কৰে।

প্ৰক্ৰিয়াটোৰ বাখ্যা দাঙি ধৰি ৰাইয়ে কয় যে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীত শাসিত অঞ্চলৰ প্ৰশাসনে তেওঁলোক প্ৰয়োজন অনুসৰি  যিসকল অবৈধ অনুপ্ৰৱেশকাৰী বা বিদেশী লোকে তেওঁলোকৰ শাস্তিৰ ম্যাদ সমাপ্ত কৰিছে আৰু তেওঁলোকৰ দেশলৈ প্ৰত্যৰ্পনৰ বাবে ৰৈ আছে তেওঁলোকক ৰাখিবলৈ ডিটেনশ্যন চেন্টাৰসমূহ স্থাপন কৰিছে।

ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীত শাসিত অঞ্চলৰ প্ৰশাসনে স্থাপন কৰা ডিটেনশ্যন চেন্টাৰৰ সংখ্যাৰ লগতে এই ডিটেনশ্যন চেন্টাৰসমূহত আৱদ্ধ কৰি ৰখা বিদেশী নাগৰিকৰ সংখ্যাৰ বিতং তথ্য কেন্দ্ৰীয়ভাৱে চোৱাচিত কৰা নহয় বুলি মন্ত্ৰী ৰাইয়ে লগতে জনায়।