NORTHEAST NOW (Assamese)

ডিজিটেল মিডিয়াত বিদেশী বিনিয়োগ নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিৰ্দেশনা

November 17, 2020 8:50 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ডিজিটেল মিডিয়াত বিদেশী বিনিয়োগ হ্ৰাস কৰিবলৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। যিবিলাক ডিজিটেল মিডিয়া সংস্থাত বিদেশী বিনিয়োগ ২৬শতাংশৰ অধিক  আছে সেইবোৰক এবছৰৰ ভিতৰত সেয়া হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে নিৰ্দেশনা জাৰি কৰিছে।

চৰকাৰী নিৰ্দেশনা অনুসৰি ২৬ শতাংশতকৈ কম বিদেশী বিনিয়োগ থকা ডিজিটেল মিডিয়া সংস্থাসমূহে তেওঁলোকৰ অংশীদাৰিত্বৰ নিয়মাৱলী এমাহৰ ভিতৰত বিতংভাৱে জনাব লাগিব।

বিদেশী বিনিয়োগৰ পৰিমান ২৬শতাংশতকৈ হ্ৰাস কৰাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ২০২১ৰ ১৫ অক্টোবৰ সময়সীমা নিৰ্দ্ধাৰণ কৰা হৈছে।

সেইদৰে সংস্থাৰ সঞ্চালক, প্ৰম’টাৰ তথা অংশীদাৰীসকলৰ সম্পৰ্কতো বিতং তথ্য দাখিল কৰিবলৈ মন্ত্ৰ্যালয়ে দাবী কৰিছে।

আইনমতে, যিকোনো ভাৰতীয় সংস্থাই বিদেশী বিনিয়োগ আনিব বিচাৰিলে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন ল’ব লাগে।

সেইদৰে, বোৰ্ড অফ ডাইৰেক্টৰ্ছৰ সদস্য তথা মুখ্য কাৰ্যবাহীসকলৰ নাগৰিকত্বৰ তথ্যও জমা দিয়া প্ৰয়োজন।

তদুপৰি, সংস্থাসমূহে বিদেশী বিনিয়োগকাৰীসকলৰ সম্পৰ্কে সুৰক্ষামূলক ৰেহাইৰ বাবে অনুমতি পত্ৰ লোৱাটো বাধ্যতামূলক।

নিৰ্দেশনাত কোৱা হৈছে যে সংশ্লিষ্ট সংস্থাসমূহে নিৰ্দিষ্ট বিদেশী বিনিয়োগৰ বাবে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ পৰা কমেও ৬০দিন আগেয়ে অনুমোদন ল’ব লাগিব।

Related News