• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না ৰিপ’ৰ্ট পজিটিভ আহিলেই পঠাব লাগিব জিন’ম ছিকুৱেন্সিঙৰ বাবে; ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 23, 2023 8:19 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1.6k
VIEWS
Share on FacebookShare on Twitter

বছৰৰ শেষত পুনৰ বৃদ্ধি পাইছে কৰ’না। আতংক ঘূৰি আহিছে। এইবাৰ চিন্তাৰ কাৰণ হৈছে কৰ’না জে এন ১ (JN.1) ভেৰিয়েন্ট। এই ভেৰিয়েন্ট অতি সোনকালে বিয়পে। এই ভেৰিয়েন্টক লৈ কেন্দ্ৰও উদ্বিগ্ন। ইতিমধ্যে ৰাজ্য চৰকাৰসমূহক সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে।

এইবাৰ কেন্দ্ৰই সকলো ৰাজ্যকে কোভিড পজিটিভ নমুনা জিন’ম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশনা শুকুৰবাৰে ৰাজ্য চৰকাৰসমূহক দিয়া হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কৰ’না ভাইৰাছৰ পুনৰ সংক্ৰমণৰ লগে লগে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণৰ বাবেই জিন’ম ছিকুৱেন্সিঙৰ নিৰ্দেশ দিয়া হৈছে।

যোৱা সপ্তাহত কেন্দ্ৰই কৰ’নাৰ নতুন ভেৰিয়েন্ট সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল। কিন্তু এই পৰ্যন্ত সংক্ৰমণ বিপদজনক মাত্ৰাত উপনীত হোৱা নাই। অমাইক্ৰনৰ উপ-ভেৰিয়েণ্ট হোৱাৰ বাবে জেএন.১ ভেৰিয়েণ্টটোও অতি সংক্ৰামক, গতিকে অহা কেইসপ্তাহমানৰ ভিতৰত সংক্ৰমণৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাব পাৰে।

লগতে পঢ়কঃ নতুন আইন মতে চিকিৎসাৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যু হ’লে দুবছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব চিকিৎসক

অৱশ্যে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যা এতিয়াও তুলনামূলকভাৱে কম। সংক্ৰমণ নিয়ন্ত্ৰণত থাকিলেও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এৰা ধৰা মনোভাৱ দেখুৱাবলৈ অনিচ্ছুক। সেইবাবেই প্ৰতিখন ৰাজ্যকে নিৰ্দেশ দিয়া হৈছে যে যদি কোনো ৰোগীৰ কোভিড পজিটিভ ৰিপৰ্ট আহে তেন্তে তেওঁৰ স্বাব নমুনা জিন’ম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰিব লাগিব।

এগৰাকী কেন্দ্ৰীয় বিষয়াই কয় যে ক’ৰ’না পৰিস্থিতিৰ ওপৰত চলি থকা কঠোৰ নিৰীক্ষণৰে এয়া অংশ। আৰ টি-পি চি আৰ পৰীক্ষাত পজিটিভ বুলি ৰিপ’ৰ্ট অহা সকলো নমুনাকে জিন’ম ছিকুৱেন্সিঙৰ বাবে আই এন এছ এ চি অ’ জি (INSACOG) পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব। বিষয়াগৰাকীয়ে কয় যে আতংকিত হোৱাৰ কোনো কাৰণ নাই কিয়নো সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

যদিহে RT-PCR পৰীক্ষাত কৰ’না ৰিপ’ৰ্ট পজিটিভ হয় তেন্তে জিন’ম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হ’ব। এই জিন’ম ছিকুৱেন্সিঙৰ জৰিয়তেহে ভাইৰাছৰ মিউটেচন বা অভিযোজন জানিব পৰা যাব।

লগতে পঢ়কঃআৰু কি বাকী থাকিল! ৪৮ বছৰ কাৰাবাসত কটোৱাৰ পিছত নিৰ্দোষী প্ৰমাণিত হ’ল ব্যক্তি

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কেৰালা, তামিলনাডু, মহাৰাষ্ট্ৰ, গোৱা, পুডুচেৰী, গুজৰাট, তেলেংগানা, পঞ্জাৱ আৰু দিল্লীত যোৱা কেইসপ্তাহমানৰ পৰা সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। কিন্তু চিকিৎসালয়ত ভৰ্তি বা মৃত্যুৰ হাৰ এতিয়াও তুলনামূলকভাৱে কম। আক্ৰান্তসকলৰ ভিতৰত ৯৩ শতাংশৰ মৃদু লক্ষণ দেখা গৈছে।

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd