আমেৰিকাৰ ওকলাহোমা প্ৰদেশৰ ঘটনা। তাতে গ্লিন ছিমনছ নামৰ এজন ব্যক্তিয়ে ৪৮ বছৰ কাৰাগাৰত থকাৰ পিছত গম পালে যে তেওঁ নিৰ্দোষী। ১৯৭৪ চনত হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল গ্লিনক। পিছত তেওঁক দোষী সাব্যস্ত কৰি ৪৮ বছৰৰ কাৰাদণ্ড বিহা হয়। অৱশেষত যোৱা মঙলবাৰে আদালতে তেওঁক নিৰ্দোষী ঘোষণা কৰে।
অভিযোগ অনুসৰি, তেওঁ আৰু আন এজন সহযোগীয়ে ওকলাহোমা চহৰৰ বাহিৰৰ এখন সুৰাৰ দোকানত ডকাইতি কৰি থকাৰ সময়তে কেৰলিন ছু ৰজাৰ্ছ নামৰ এগৰাকী মহিলাক হত্যা কৰে। প্ৰথম অৱস্থাত ছিমনছক মৃত্যুদণ্ড দিয়া হৈছিল যদিও আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে এই শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰে। দুখীয়া ছিমনছৰ বয়স এতিয়া ৭০ বছৰ। ১৯৭৫ চনত হত্যাৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ সময়ত তেওঁৰ বয়স আছিল ২২ বছৰ।
লগতে পঢ়কঃ অধিবক্তাৰ হাতত হেণ্ডকাফ লগাই বিপদত আৰক্ষী : ৫ লাখ টকাৰ জৰিমনা ভৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
ছিমনছে ৪৮ বছৰ এমাহ ১৮ দিনৰ কাৰাদণ্ডৰ অভিলেখ গঢ়িছে। তেওঁ এতিয়া আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া কাৰাদণ্ডৰ শাস্তি ভোগ কৰা নিৰীহ ব্যক্তি। অৱশ্যে গ্ৰেপ্তাৰৰ সময়ত তেওঁ আদালতত কয় যে ডকাইতিৰ সময়ত তেওঁ নিজৰ গৃহ প্ৰদেশ লুইজিয়ানাত আছিল। কিন্তু তেওঁ ইমানদিনে নিজৰ দাবী প্ৰমাণ কৰাত ব্যৰ্থ হৈছিল।
ছিমনছ আৰু আন এজন ব্যক্তি ডন ৰবাৰ্টছক মূলতঃ এজন কিশোৰ সাক্ষীৰ সাক্ষ্যৰ ভিত্তিত দোষী সাব্যস্ত কৰা হৈছিল। ডকাইতি কাণ্ডৰ সময়ত তেওঁৰ মূৰৰ পিছফালে গুলী লাগিছিল। যেতিয়া সাক্ষীজনক আৰক্ষীয়ে সন্দেহযুক্ত লোকক চিনাক্ত কৰিবলৈ আনিছিল, তেতিয়া তেওঁ ছিমনছ আৰু ৰবাৰ্টছৰ লগতে আন কেইবাজনো লোকক চিনাক্ত কৰিছিল। ২০০৮ চনত পেৰ’লত মুকলি কৰি দিয়া হৈছিল ৰবাৰ্টছক। চলিত বৰ্ষৰ জুলাই মাহত মুক্তি পাইছিল ছিমনছ। যেতিয়া এখন জিলা আদালতে তেওঁৰ গোচৰটো পুনৰ বিচাৰৰ নিৰ্দেশ দিয়ে।
লগতে পঢ়কঃ নতুন আইন মতে চিকিৎসাৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যু হ’লে দুবছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব চিকিৎসক
চলিত বৰ্ষৰ জুলাই মাহত জিলা আদালতে ছিমনছৰ দোষী সাব্যস্ত হোৱা ৰায় বাতিল কৰিছিল। এই ৰায়দানত কোৱা হৈছে যে অভিযুক্তসকলে গোচৰটোৰ সকলো প্ৰমাণ বিবাদী অধিবক্তাৰ হাতত তুলি দিয়া নাছিল। মঙলবাৰৰ ৰায়দানৰ পিছত ছিমনছে কয় যে এইটো সহনশীলতা আৰু দৃঢ়তাৰ শিক্ষা।
লিভাৰ কেন্সাৰত আক্ৰান্ত ছিমনছে বৰ্তমান তেওঁৰ `গ’ ফাণ্ড মি’ৰ জৰিয়তে অনুদান সংগ্ৰহ কৰি চিকিৎসা আৰু জীৱন-যাপনৰ ব্যয় পূৰণ কৰি আছে।