বিতৰ্কৰ মাজতে কেন্দ্ৰৰ ঘোষণা; সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়কৰ নতুন খচৰা দাখিল কৰা হ’ব সংসদত

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ। ফাইল ফটো।

সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াক ‘নিয়ন্ত্ৰণ’ কৰিবলৈ নৰেন্দ্ৰ মোডী চৰকাৰে সম্প্ৰচাৰ সেৱা (ব্ৰডকাষ্টিং) নিয়ন্ত্ৰণ বিধেয়কৰ নতুন খচৰা গৃহীত কৰাৰ চেষ্টা চলাইছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সোমবাৰে জনায় যে বিধেয়কখনৰ নতুন খচৰা পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰা হ’ব।

কেন্দ্ৰই যোৱা বছৰ সংসদত সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়ক উত্থাপন কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু বিধেয়কখন উত্থাপনৰ পূৰ্বেই ইয়াৰ খচৰা প্ৰস্তুত প্ৰক্ৰিয়াক লৈ বিতৰ্ক আৰম্ভ হৈছিল। সংসদত উত্থাপন কৰাৰ পূৰ্বেই ৰাজহুৱা কৰা বুলি অভিযোগ উত্থাপন কৰে বিৰোধীয়ে। যদিও কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে স্পষ্টীকৰণ দিছিল যে ২০২৩ চনৰ অক্টোবৰ মাহত বিভিন্ন অংশীদাৰ আৰু জনসাধাৰণৰ মতামত বিচৰা ব্যাখ্যামূলক টোকাসমূহৰ সৈতে এখন খচৰা মন্ত্ৰালয়ৰ ৱেবছাইটত দিয়া হৈছিল।

সেই মতামতৰ আধাৰত নতুন খচৰা প্ৰস্তুত কৰা হৈছে বুলি সোমবাৰে মন্ত্ৰালয়ে অৱগত কৰে। কংগ্ৰেছৰ অভিযোগ যে এইবাৰ প্ৰতিষ্ঠানিক সংবাদ মাধ্যমৰ পিছতে মোডী চৰকাৰে ছ’চিয়েল মিডিয়াত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, এক্স-পোষ্টত চৰকাৰী নিয়ন্ত্ৰণ বলবৎ কৰাৰ ক্ষেত্ৰত সক্ৰিয় হৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিবোৰ যদি পছন্দৰ নহয়, তেন্তে সেই খবৰ ‘ফেক নিউজ’ বুলি আখ্যা দি আঁতৰোৱাৰ ক্ষমতা লৈছে।

কিন্তু বহু সাংবাদিকে এতিয়া নিজাকৈ ইউটিউব চেনেল চলাই আছে। তেওঁলোকে চৰকাৰৰ ভুল-ত্ৰুটিৰ দাঙি ধৰিছে। বিজেপিয়েও নিৰ্বাচনত তাৰ মূল্য ভৰিবলগীয়া হৈছিল। এতিয়া চৰকাৰে তেওঁলোকৰ ওপৰত চকু ৰাখিছে। নতুন বিল আনি তেওঁলোকৰ কণ্ঠৰোধ কৰাৰ চেষ্টা কৰা হৈছে।

আনহাতে, এই সন্দৰ্ভত কেন্দ্রই আইন প্ৰণয়নক লৈ মিছা মাতিছে বুলি অভিযোগ উত্থাপন কৰে বিৰোধীয়ে। ১৯৯৫ চনৰ কেবল টিভি নেটৱৰ্ক নিয়ন্ত্ৰণ আইন বাতিল কৰি নতুন সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়ক উত্থাপন কৰিব বিচাৰিছে মোডী চৰকাৰে।

সূত্ৰ অনুসৰি, নতুন বিধেয়কখনত ‘প্ৰভাৱশালী’ ইউটিউবাৰ, ইনষ্টাগ্ৰামাৰসকলক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে মোডী চৰকাৰে। তেওঁলোকৰ নাম পঞ্জীয়ন আৰু অনুমতি লোৱা বাধ্যতামূলক কৰা হৈছে। বিৰোধীয়ে অভিযোগ কৰে যে ই বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ।