NORTHEAST NOW (Assamese)

উচ্চস্তৰীয় সমিতিৰ পৰা নাম উঠাই লোৱা সকলক আদৰণি অসম নাগৰিক সমাজৰ

January 13, 2019 10:15 pm · এন ই নাও নিউজ

চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰাৰ সমান্তৰালভাৱে অসম ৰাইজক আভুৱা ভাঁৰিবলৈ সাংবিধানিক সুৰক্ষাৰ বাবে যি এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল সেই সমিতিৰ পৰা নাম উঠাই লোৱা সদস্য সকলক অসম নাগৰিক সমাজে আদৰণি জনাইছে।

উল্লেখযোগ্য যে চৰকাৰে এই উচ্চস্তৰীয় সমিতিখন ঘোষণা কৰাৰ দিনাই এইখন যে ভুৱা, প্ৰতাৰণামূলক আৰু প্ৰবঞ্চনামূলক সমিতি সেই কথাটো উপলব্ধি কৰিয়েই সদৌ অসম ছাত্ৰ সন্থায়ো এই সমিতি প্ৰত্যাখ্যান কৰিছিল। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই সিদ্ধান্তক অসম নাগৰিক সমাজে আদৰণি জনায়।

ইফালে সমিতিখনৰ পৰা সৰহ সংখ্যক সদস্যই নিজৰ নাম উঠাই লোৱাৰ পিছত গোটেই সমিতিখনেই অকামিলা আৰু অসাৰ বৈ পৰা বুলি কৈ তাৰ লগত নিজকে যুক্ত কৰিবলৈ অস্বীকাৰ কৰি সমিতিখনৰ সভাপতিৰ দায়িত্ব দিয়া মদন প্ৰসাদ বেজবৰুৱায়ো নিজৰ নাম উঠাই লোৱাৰ কথা ৰাজহুৱাকৈ সদৰী কৰাত তেওঁকো নাগৰিক সমাজে আদৰণি জনায়।

লগতে অসম নাগৰিক সমাজে বাকী কেইজনকো সমিতিৰ পৰা নাম উঠাই লৈ চৰকাৰৰ এই অসম বিৰোধী ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ আহ্বান জনায়।

Related News