এক অসম বিৰোধী মহলে এন আৰ চিৰ প্ৰকাশত বাধা আৰোপ কৰিছে : অনুপ চেতিয়া

‘এখন শুদ্ধ এন আৰ চি প্ৰকাশত ন্যস্তস্বাৰ্থ থকা এটা শক্তিশালী অসম বিৰোধী মহলে বাধা আৰোপ কৰিছে।’ এই গুৰুতৰ অভিযোগ খিলঞ্জীয়া মঞ্চৰ আহ্বায়ক তথা আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ।

একেটা মহলে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধেও চক্ৰান্ত ৰচিছে বুলি অভিযোগ আনি তেওঁ কয়, ‘কিছুদিন পূৰ্বে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক নাৰীজনীত যি মিছা কেলেংকাৰীত জড়িত কৰিব বিচাৰিছিল সেইয়াও এই ষড়যন্ত্ৰৰ অংশ আছিল।‘

গুৱাহাটী প্ৰেছক্লাবত এক সংবাদমেল সম্বোধন কৰি চেতিয়াই উক্ত ‘ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়’ ষড়যন্ত্ৰকাৰী দলে কৌশলগতভাৱে এন আৰ চি প্ৰক্ৰিয়াৰ পৰা মুখ্য ন্যায়াধীশ গৰাকীক আঁতৰাবলৈ চেষ্টা কৰা বুলি দাবী কৰি তেওঁ লগতে কয়, ‘চক্ৰান্তকাৰীয়ে আবেদন কৰিছে যে মুখ্য ন্যায়াধীশে এন আৰ চি প্ৰক্ৰিয়াৰ পৰা অব্যাহতি ল’ব লাগে।‘

অৱশ্যে উক্ত চক্ৰটোৰ বিষয়ে স্পষ্টভাৱে একো উল্লেখ নকৰি তেওঁ কেৱল কয়, ‘চৰকাৰী পক্ষ আৰু বিভিন্ন তথাকথিত দল-সংগঠন এই চক্ৰৰ সৈতে জড়িত আছে।‘

উক্ত কাৰ্যক খিলঞ্জীয়া মঞ্চ, অসমৰ ফালৰ পৰা গৰিহনা দি চেতিয়াই কয়, ‘অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগণে এখন গ্রহণযোগ্য শুদ্ধ, প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰা এন আৰ চি পোৱাৰ স্বাৰ্থত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ এই প্ৰক্ৰিয়াৰ সৈতে জড়িত থকাটো বিচাৰে।‘

‘কিছুমান মহলে এন আৰ চি প্ৰকাশ কৰাত বাধাগ্ৰস্ত হোৱাকৈ ভৱিষ্যতৰ কথা চিন্তা নকৰি নামৰ বিৰুদ্ধে আপত্তি দাখিল কৰি শুনানীৰ সময়ত আপত্তিকাৰী উপস্থিত নাথাকি মিছা অভিযোগ উত্থাপনেৰে নাগৰিকপঞ্জী প্ৰকাশত ব্যাঘাত জন্মোৱা পৰিলক্ষিত হৈছে। দাবী বা আপত্তি কৰাৰ অধিকাৰ প্ৰত্যেকজন ব্যক্তিৰে থাকে, কিন্তু ১.৯০ লাখ আপত্তি দাখিল কৰা হৈছে ইয়াৰ সৰহ সংখ্যকে অসত্য তথ্যৰ ভিত্তিত উত্থাপন কৰা আপত্তিৰ গুৰুত্ব কমিছে।‘ চেতিয়াই কয়।

আনহাতে, অসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ মজিয়াত এক অসম বিৰোধী চক্ৰই মিছা অভিযোগ আনি অপপ্ৰচাৰ চলাইছে। ইয়াৰ বিৰোধীতা কৰি খিলঞ্জীয়া মঞ্চ, অসমে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ আগন্তুক জুন মাহৰ ৪১তম অধিৱেশনত প্ৰকৃত সত্যতা বিশ্ববাসীৰ ওচৰত তুলি ধৰাৰ বাবেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলতচেতিয়াই জানিবলৈ দিয়ে।